ৰূপালী পৰ্দাত পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে স্মৃতি ইৰাণী
টেলিভিছন ষ্টাৰ তথা বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে এতিয়া ‘কিউকি ছাছ ভি কভি বহু থী’ শ্ব’ৰ জৰিয়তে পুনৰ ৰূপালী পৰ্দাত প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে । এই ধাৰাবাহিকৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ৮ বছৰ ধৰি ইয়াৰ অংশ আছিল । এতিয়া অভিনেত্ৰীগৰাকীয়ে এই ধাৰাবাহিকখনৰ ছিকুৱেলৰ জৰিয়তে পুনৰ ঘূৰি আহিবলৈ সাজু হৈছে । এই শ্ব’টোৰ পৰা তেওঁৰ ফাৰ্ষ্ট লুকো প্ৰকাশ পাইছে যি অনুৰাগীৰ মাজত জনপ্ৰিয় হৈ পৰিছে । ইয়াৰ পিছতে এতিয়া অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ।
স্মৃতি ইৰাণীয়ে তুলসীৰ চৰিত্ৰত অভিনয় কৰা সন্দৰ্ভত কয়- কিউকি ছাছ ভি কভি বহু থীত পুনৰ যোগদান কৰাটো মোৰ বাবে কেৱল প্ৰত্যাৱৰ্তন নহয় বৰঞ্চ টেলিভিছন উদ্যোগটোক পুনৰ সংজ্ঞায়িত কৰা আৰু মোৰ জীৱনটোক নতুন ৰূপ দিয়া কাহিনী এটালৈ উভতি যোৱা । এই ধাৰাবাহিকখনে মোক ব্যৱসায়িক সফলতাতকৈ বহু বেছি সফলতা দিলে । এই শ্ব’টোৰ বাবেই লাখ লাখ ঘৰৰ লগত সংযোগ হলোঁ ৷ সমগ্ৰ প্ৰজন্মৰ আৱেগ সংযোগ হৈ পৰিল । যোৱা ২৫ বছৰত মই সংবাদ মাধ্যম আৰু ৰাজহুৱা নীতিৰ সৈতে সম্প্ৰসাৰণ কৰিছো । দুয়োটাৰে নিজস্ব প্ৰভাৱ আৰু দায়বদ্ধতা আছে ।
স্মৃতিয়ে আৰু কয়- আজি মই এনে এক সংযোগস্থলৰ অংশ য’ত অভিজ্ঞতা আৱেগৰ সৈতে জড়িত আৰু সৃষ্টিশীলতা বিশ্বাসৰ সৈতে জড়িত । কেৱল অভিনেতা হিচাপেই নহয় গল্প কোৱাৰ শক্তিৰ জৰিয়তে পৰিৱৰ্তন অনাত বিশ্বাসী ব্যক্তি হিচাপে ঘূৰি আহিছো । ইয়াৰ দ্বাৰা সংস্কৃতি ৰক্ষা হ’ব আৰু লগতে সহানুভূতিও গঢ় লৈ উঠিব । এই দ্বিতীয় অধ্যায়ত মই মোৰ অৱদানৰ জৰিয়তে কিউকি ছাছ ভি কভি বহু থীৰ উত্তৰাধিকাৰক সন্মান জনাই এনে এক ভৱিষ্যত গঢ় দিম যিয়ে কেৱল উদযাপন কৰাই নহয়, ভাৰতৰ সৃষ্টিশীল উদ্যোগকো শক্তিশালী কৰিব ।
আৰম্ভ হ’ল শ্বুটিং-
উল্লেখ্য যে, স্মৃতি ইৰাণী কিউকি ছাছ ভি কভি বহু থী শ্ব’ৰ জৰিয়তে এক জনপ্ৰিয় নাম হৈ পৰিছিল । এই অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে তুলসী বিৰাণীৰ চৰিত্ৰত অভিনয় কৰিছিল । এই অনুষ্ঠানৰ আন আন চৰিত্ৰবোৰো অতি জনপ্ৰিয় হৈ পৰিছিল । ইতিমধ্যে শ্ব’টোৰ শ্বুটিং আৰম্ভ হৈছে । নিজৰ প্ৰিয় চৰিত্ৰ তুলসীক আকৌ এবাৰ টিভিত চাবলৈ উদগ্ৰীৱ হৈ পৰিছে অনুৰাগী ।
লগতে পঢ়ক : এইবাৰ ফুলেৰাত উপ-প্ৰধান পদৰ বাবে হ’ব যুঁজ; নিৰ্মাতাই ঘোষণা কৰিলে ‘পঞ্চায়ত ৫’