ৰূপালী পৰ্দাত পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে স্মৃতি ইৰাণী; ক’লে এই কথা…

ৰূপালী পৰ্দাত পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে স্মৃতি ইৰাণী


টেলিভিছন ষ্টাৰ তথা বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে এতিয়া ‘কিউকি ছাছ ভি কভি বহু থী’ শ্ব’ৰ জৰিয়তে পুনৰ ৰূপালী পৰ্দাত প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে । এই ধাৰাবাহিকৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ৮ বছৰ ধৰি ইয়াৰ অংশ আছিল । এতিয়া অভিনেত্ৰীগৰাকীয়ে এই ধাৰাবাহিকখনৰ ছিকুৱেলৰ জৰিয়তে পুনৰ ঘূৰি আহিবলৈ সাজু হৈছে । এই শ্ব’টোৰ পৰা তেওঁৰ ফাৰ্ষ্ট লুকো প্ৰকাশ পাইছে যি অনুৰাগীৰ মাজত জনপ্ৰিয় হৈ পৰিছে । ইয়াৰ পিছতে এতিয়া অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ।


স্মৃতি ইৰাণীয়ে তুলসীৰ চৰিত্ৰত অভিনয় কৰা সন্দৰ্ভত কয়- কিউকি ছাছ ভি কভি বহু থীত পুনৰ যোগদান কৰাটো মোৰ বাবে কেৱল প্ৰত্যাৱৰ্তন নহয় বৰঞ্চ টেলিভিছন উদ্যোগটোক পুনৰ সংজ্ঞায়িত কৰা আৰু মোৰ জীৱনটোক নতুন ৰূপ দিয়া কাহিনী এটালৈ উভতি যোৱা । এই ধাৰাবাহিকখনে মোক ব্যৱসায়িক সফলতাতকৈ বহু বেছি সফলতা দিলে । এই শ্ব’টোৰ বাবেই লাখ লাখ ঘৰৰ লগত সংযোগ হলোঁ ৷ সমগ্ৰ প্ৰজন্মৰ আৱেগ সংযোগ হৈ পৰিল । যোৱা ২৫ বছৰত মই সংবাদ মাধ্যম আৰু ৰাজহুৱা নীতিৰ সৈতে সম্প্ৰসাৰণ কৰিছো । দুয়োটাৰে নিজস্ব প্ৰভাৱ আৰু দায়বদ্ধতা আছে ।


স্মৃতিয়ে আৰু কয়- আজি মই এনে এক সংযোগস্থলৰ অংশ য’ত অভিজ্ঞতা আৱেগৰ সৈতে জড়িত আৰু সৃষ্টিশীলতা বিশ্বাসৰ সৈতে জড়িত । কেৱল অভিনেতা হিচাপেই নহয় গল্প কোৱাৰ শক্তিৰ জৰিয়তে পৰিৱৰ্তন অনাত বিশ্বাসী ব্যক্তি হিচাপে ঘূৰি আহিছো । ইয়াৰ দ্বাৰা সংস্কৃতি ৰক্ষা হ’ব আৰু লগতে সহানুভূতিও গঢ় লৈ উঠিব । এই দ্বিতীয় অধ্যায়ত মই মোৰ অৱদানৰ জৰিয়তে কিউকি ছাছ ভি কভি বহু থীৰ উত্তৰাধিকাৰক সন্মান জনাই এনে এক ভৱিষ্যত গঢ় দিম যিয়ে কেৱল উদযাপন কৰাই নহয়, ভাৰতৰ সৃষ্টিশীল উদ্যোগকো শক্তিশালী কৰিব ।

আৰম্ভ হ’ল শ্বুটিং-
উল্লেখ্য যে, স্মৃতি ইৰাণী কিউকি ছাছ ভি কভি বহু থী শ্ব’ৰ জৰিয়তে এক জনপ্ৰিয় নাম হৈ পৰিছিল । এই অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে তুলসী বিৰাণীৰ চৰিত্ৰত অভিনয় কৰিছিল । এই অনুষ্ঠানৰ আন আন চৰিত্ৰবোৰো অতি জনপ্ৰিয় হৈ পৰিছিল । ইতিমধ্যে শ্ব’টোৰ শ্বুটিং আৰম্ভ হৈছে । নিজৰ প্ৰিয় চৰিত্ৰ তুলসীক আকৌ এবাৰ টিভিত চাবলৈ উদগ্ৰীৱ হৈ পৰিছে অনুৰাগী ।

লগতে পঢ়ক : এইবাৰ ফুলেৰাত উপ-প্ৰধান পদৰ বাবে হ’ব যুঁজ; নিৰ্মাতাই ঘোষণা কৰিলে ‘পঞ্চায়ত ৫’

ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ… এইবাৰ অভিনয় জগতত প্ৰৱেশৰ বাবে সাজু এইগৰাকী ক্ৰিকেটাৰ

ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ

ক্ৰিকেট আৰু চিনেমাৰ সম্পৰ্ক যথেষ্ট পুৰণি । চিনেমাত ক্ৰিকেট দেখুৱাই হওক বা ক্ৰিকেটত চলচ্চিত্ৰ তাৰকাৰ মিলনেই হওক । এতিয়া এই মিলন পুনৰ হ’বলৈ গৈ আছে । ক্ৰিকেটাৰ সুৰেশ ৰাইনাক এইবাৰ ৰূপালী পৰ্দাত অভিনয় কৰা দেখা যাব । তামিল উদ্যোগৰ এখন নাম ঠিক নোহোৱা ছবিৰে তেওঁ অভিষেক ঘটাব, যাৰ আভাস শেহতীয়াকৈ দেখুওৱা হৈছে ।

খেলপথাৰৰ পিছত ৰূপালী পৰ্দাত সুৰেশ ৰাইনা-

‘ড্ৰিম নাইট ষ্ট’ৰীজ’ৰ দ্বাৰা প্ৰযোজিত প্ৰথমখন ছবিত অভিনয় কৰা দেখা যাব সুৰেশ ৰাইনাক, যাৰ আভাস ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে নিজেই নিৰ্মাতাসকলে শ্বেয়াৰ কৰিছে । এই টিজাৰত ষ্টেডিয়ামত অনুৰাগীৰ উল্লাস আৰু উদযাপনৰ সৈতে ৰাইনাক চিনাকি কৰাই দিয়া হৈছে । ইয়াৰ পিছত ছবিখনত অভিনেতা হিচাপে তেওঁৰ প্ৰৱেশৰ কথা ঘোষণা কৰা হৈছে । শেষত ছবিখনৰ শিৰোনাম দেখুওৱা হৈছে যিখন বৰ্তমান ‘প্ৰডাকচন ১’ হিচাপে ৰখা হৈছে ।

তামিলনাডুৰ লোকে ৰাইনাক মৰমেৰে ‘চিন্নাথলা’ অৰ্থাৎ সৰু ভাই বুলি কয় । পূৰ্বে তেওঁ আই পি এল দল চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল । এই টিজাৰটোতো তেওঁক একে ষ্টাইলতে চিনাকি কৰাই দিয়া হৈছে । তেওঁৰ ছবিখনৰ পৰিচালনা কৰিছে লগানে যিয়ে ইয়াৰ পূৰ্বে ‘মান কাৰাটে’, ‘ৰেমো’ আৰু ‘গেথু’ৰ দৰে বহু উৎকৃষ্ট তামিল ছবিৰ অংশ হিচাপে কাম কৰিছিল ।

ৰাইনাও ছবিখনৰ সৈতে জড়িত হৈ অতিশয় উৎসাহিত হৈ পৰিছে । ছবিখনত যোগদান কৰাৰ সময়ত তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে, ‘খেলপথাৰৰ পৰা কলিউডৰ ফ্ৰেমলৈকে চেন্নাইৰ আত্মাক মই লগত লৈ আহিছো । এই নতুন যাত্ৰাৰ অংশ হ’বলৈ পাই মই গৌৰৱান্বিত ।’

লগতে পঢ়ক : এখন টেষ্ট মেচতে ১০০০+ ৰান সংগ্ৰহ টীম ইণ্ডিয়াৰ; বিশ্বৰ পঞ্চমখন দেশ ভাৰত