ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পে ২০২৫ চনৰ ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে । কেপিটেল ৰটাণ্ডাত তেওঁক শপত গ্ৰহণ কৰোৱাই মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে । এই অনুষ্ঠানতে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে জে ডি ভ্যান্সে । ট্ৰাম্পৰ এই শপত গ্ৰহণ অনুষ্ঠান বিশেষ কাৰণ বন্ধ স্থানত অনুষ্ঠিত হয় । ইয়াৰ কাৰণ আছিল ঠাণ্ডা আৰু প্ৰচণ্ড বতাহ ।
শপত গ্ৰহণৰ পিছত ট্ৰাম্পে দেশবাসীক সম্বোধন কৰে । তেওঁ কয় যে আমেৰিকাৰ সোণালী যুগ এতিয়াৰ পৰাই আৰম্ভ হৈছে । আজিৰ পৰা আমাৰ দেশখন সমগ্ৰ বিশ্বতে উত্থান আৰু উজ্জ্বল হৈ উঠিব । এয়া প্ৰতিখন দেশৰ বাবে ঈৰ্ষাৰ কাৰণ হ’ব । ট্ৰাম্প প্ৰশাসনৰ প্ৰতিটো দিনেই মই আমেৰিকা ফাৰ্ষ্টৰ নীতিৰ ওপৰত কাম কৰিম । আমাৰ স্বাধীনতা অব্যাহত থাকিব । ন্যায় সন্তুলিত হৈ থাকিব । আমাৰ অগ্ৰাধিকাৰ হ’ব এখন মুক্ত, সমৃদ্ধিশালী দেশ গঢ়ি তোলা । অতি সোনকালে আমেৰিকাৰ অৱস্থা বহুত ভাল হ’ব ৷ দেশত পৰিৱৰ্তনৰ বতাহ বলিছে । এই মুহুৰ্ত গ্ৰহণ কৰাৰ বাবে আমেৰিকাত এক প্ৰচণ্ড সুযোগ আছে ।
শপত গ্ৰহণৰ পূৰ্বে প্ৰাৰ্থনা সভাৰ অন্তত ট্ৰাম্পে ছেইণ্ট জনছ এপিস্কোপাল চাৰ্চলৈ যায় । ইয়াৰ পিছত ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়াক হোৱাইট হাউছলৈ আদৰণি জনায় । এই ব্যক্তিগত বৈঠক, ক্ষমতা হস্তান্তৰৰ আন এক পৰম্পৰা ।
খবৰ অনুসৰি ট্ৰাম্পে শপত গ্ৰহণ কৰা মঞ্চৰ আটাইতকৈ ওচৰতে বহিছিল ইলন মাস্ক, টাকাৰ কাৰ্লছন আদিয়ে । মাস্কৰ মাতৃ মেয় মাস্ককো হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু চেনেটৰ বেছিভাগ সাংসদতকৈ উন্নত আসন দিয়া হৈছিল ।
ভাৰতক প্ৰতিনিধিত্ব কৰি সন্মানিত: জয়শংকৰ
বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ সন্মানিত অনুভৱ কৰিছে । জয়শংকৰে ‘এক্স’ৰ এটা পোষ্টত কয় যে আজি ৱাশ্বিংটন ডিচিত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ বিশেষ দূত হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰি সন্মানিত । আজি পুৱা ছেইণ্ট জন চাৰ্চত প্ৰাৰ্থনাতো অংশগ্ৰহণ কৰিলোঁ ।