ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথত নামিল জনতা
আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে দেশত বৃদ্ধি পাইছে প্ৰতিবাদ । কেলিফৰ্ণিয়া ৰাজ্যৰ লছ এঞ্জেলছৰ পৰা আৰম্ভ হৈছে এই প্ৰতিবাদ । এতিয়া এই প্ৰতিবাদ বহু চহৰলৈ বিয়পি পৰিছে । শনিবাৰে ফিলাডেলফিয়াত ট্ৰাম্প প্ৰশাসনৰ নীতিৰ বিৰুদ্ধে শ শ লোকে ৰাজপথলৈ ওলাই আহে । ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে শ্লোগান দিয়ে । প্ৰতিবাদকাৰীসকলে কয় যে সমগ্ৰ দেশতে শতাধিক অনুষ্ঠানত লাখ লাখ লোকে অংশগ্ৰহণ কৰিছে ।
লছ এঞ্জেলছত সংঘটিত হয় সংঘৰ্ষ-
যোৱা সপ্তাহত আমেৰিকাৰ প্ৰব্ৰজন বিভাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান চলাই বহু অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি ৰাখিছিল । ইয়াৰ বিৰুদ্ধে লছ এঞ্জেলছত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । এই হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পে লছ এঞ্জেলছত নেশ্যনেল গাৰ্ড মোতায়েনৰ নিৰ্দেশ দিয়ে, যাৰ ফলত জনসাধাৰণ আৰু অধিক ক্ষুব্ধ হৈ পৰে আৰু চহৰখনৰ বিভিন্ন স্থানত সংঘৰ্ষ আৰু অগ্নিসংযোগৰ দৰে ঘটনা আৰম্ভ হয় । লছ এঞ্জেলছত এতিয়াও চলি আছে প্ৰতিবাদ । অৱশ্যে এই মুহূৰ্তত পৰিস্থিতি স্বাভাৱিক হৈ আছে । নিউয়ৰ্ক, ডেনভাৰ, চিকাগো, অষ্টিন আদিতো ট্ৰাম্প প্ৰশাসনৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদী সমদল পৰিলক্ষিত হয় ।
ৱাশ্বিংটনকে ধৰি বহু চহৰত প্ৰতিবাদ-
এই পদযাত্ৰাৰ সময়ত প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি ট্ৰাম্প বিৰোধী শ্লোগান দিয়ে । আটলাণ্টাৰ এক অনুষ্ঠানতো প্ৰায় পাঁচ হাজাৰ লোকে অংশগ্ৰহণ কৰে । শনিবাৰে ৱাশ্বিংটনত অনুষ্ঠিত সামৰিক পেৰেডত অংশগ্ৰহণ কৰে ট্ৰাম্পে । সেনাবাহিনীৰ ২৫০ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজন কৰা হয় এই পেৰেড । ৱাশ্বিংটনতো প্ৰায় ২০০ জন লোকে লগাণ চাৰ্কলত ট্ৰাম্পৰ বিৰুদ্ধে এক কাৰ্যসূচী আয়োজন কৰে ।
লগতে পঢ়ক : ইজৰাইল-ইৰাণ যুদ্ধত শান্তিদূত হ’ব পুটিন! ট্ৰাম্পৰ সৈতে ৫০ মিনিটৰ ফোন কলত কি কি আলোচনা