পেটৰ লগত জড়িত সমস্যা যেনে গেছ, টেঙা ওগাৰ আৰু এচিডিটি আজিকালি প্ৰতিগৰাকী ব্যক্তিৰ বাবে সাধাৰণ হৈ পৰিছে । আমাৰ খাদ্যাভ্যাস, অনিয়মিত জীৱনশৈলী আৰু মানসিক চাপ ইয়াৰ মূল কাৰণ । কিন্তু, ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কিছু সহজ ব্যৱস্থা গ্ৰহণ কৰিলে এই সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰি । ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কিছুমান সহজ আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিলে আপুনি কেৱল গেছ আৰু টেঙা ওগাৰৰ পৰা মুক্তি পোৱাই নহয়, আপোনাৰ পাচনতন্ত্ৰও শক্তিশালী কৰিব পাৰে ।
এই উপায়ে আপোনাৰ টোপনি ভাল কৰি ৰাতিপুৱা সতেজ অনুভৱ কৰাব । সুস্থ পাচনতন্ত্ৰৰ বাবে সঠিক খাদ্য আৰু সঠিক ৰুটিন গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ । মনত ৰাখিব, সৰু সৰু অভ্যাসেহে আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে । জানক কেইটামান উপায় যিয়ে আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰিব লগতে গেছ আৰু টেঙা ওগাৰৰ পৰা মুক্তি পোৱাত সহায় কৰিব ।
ৰাতি লঘু আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক-
ৰাতিৰ আহাৰ সদায় লঘু আৰু সময়মতে খাব লাগে । বেছি দেৰিকৈ খাদ্য খোৱাৰ ফলত পাচনতন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পায়, যাৰ ফলত গেছ আৰু টেঙা ওগাৰ আৰম্ভ হ’ব পাৰে । শুবলৈ যোৱাৰ ২-৩ ঘণ্টা পূৰ্বে ৰাতিৰ আহাৰ খাবলৈ চেষ্টা কৰক । ৰাতিৰ আহাৰত চালাড, চুপ আৰু সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক ।
আদা আৰু মৌ সেৱন কৰক-
আদা আৰু মৌ পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী । শুবলৈ যোৱাৰ পূৰ্বে অলপ আদা আৰু এচামুচ মৌ মিহলাই একাপ কুহুম পানী খাব লাগে । ইয়াৰ ফলত আপোনাৰ পাচন শক্তি বৃদ্ধি হোৱাই নহয়, গেছ আৰু এচিডিটিৰ পৰাও সকাহ পাব ।
ত্ৰিফলা গুড়ি সেৱন-
ত্ৰিফলা গুড়ি আয়ুৰ্বেদৰ এটা প্ৰধান উপাদান, যিয়ে পেটৰ সকলো সমস্যাৰ সমাধান কৰে । ৰাতি শুবলৈ যোৱাৰ পূৰ্বে এগিলাচ কুহুমীয়া পানীত মিহলাই এচামুচ ত্ৰিফলা গুড়ি খাব লাগে । ইয়াৰ দ্বাৰা আপোনাৰ পাচনতন্ত্ৰ পৰিষ্কাৰ হোৱাই নহয়, পুৱা সতেজো অনুভৱ হ’ব ।
যোগাসন আৰু ধ্যান কৰক-
ৰাতি শুবলৈ যোৱাৰ পূৰ্বে কেইমিনিটমান যোগাসন বা ধ্যান কৰাটো অতি উপকাৰী হ’ব পাৰে । ই আপোনাৰ শৰীৰ আৰু মনক শান্ত কৰাৰ লগতে পাচনতন্ত্ৰৰ উন্নতি সাধন কৰে । বজ্ৰাসন বা সুখাসনৰ দৰে সহজ যোগ আসন চেষ্টা কৰিব পাৰে ।
কুহুমীয়া পানী খাব লাগে-
শুবলৈ যোৱাৰ পূৰ্বে এগিলাচ কুহুমীয়া পানী খাব লাগে । ই পাচনতন্ত্ৰ সক্ৰিয় কৰে আৰু গেছ গঠন ৰোধ কৰে । ইয়াৰ উপৰিও ই আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ফ্লাছ কৰি উলিওৱাত সহায় কৰে ।
মছলাযুক্ত আৰু ভজা খাদ্য পৰিহাৰ কৰক-
ৰাতিৰ আহাৰত মছলাযুক্ত আৰু ভজা খাদ্য গ্ৰহণ নকৰিব । এইবোৰ বস্তুৱে আপোনাৰ পাচনতন্ত্ৰৰ ক্ষতি কৰিব পাৰে আৰু গেছৰ সমস্যা বৃদ্ধি কৰিব পাৰে । এইবোৰৰ সলনি স্বাস্থ্যকৰ আৰু লঘু বস্তু সেৱন কৰক ।