ওজন হ্ৰাস কৰাত আহাৰে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে। ইয়াৰ বাহিৰেও, আপুনি গোটেই দিনটো কি কি শাৰীৰিক শ্ৰম কৰে সেয়া গুৰুত্বপূৰ্ণ।স্বাস্থ্যৱান হৈ থাকিবলৈ আৰু মেদবহুলতা হ্ৰাস কৰিবলৈ দৈনিক ৪৫ মিনিট খোজ কাঢ়িব পাৰে, কিন্তু যিসকলৰ সময়ৰ অভাৱ আছে তেওঁলোকেও ১০ মিনিটৰ খোজ কাঢ়িলেও হ’ব বুলি কোৱা হয়। দৈনিক ১০ মিনিট দৌৰিলে হৃগ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস হয় আৰু ওজন দ্ৰুতগতিত হ্ৰাস পায়। দৈনিক দৌৰাৰ লাভালাভবোৰ জানক।
- দৈনিক মাত্ৰ ১০ মিনিট দৌৰিলে মানুহৰ হৃদযন্ত্ৰটো ভাল থাকে। ই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে আৰু হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী উন্নত কৰে।পেশীবোৰে দ্ৰুতগতিত ৰক্ত সঞ্চালন কৰে, যিয়ে হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখে।
- মেদবহুলতা হ্ৰাস কৰিবলৈ খোজ কঢ়াতকৈ অধিক ফলপ্ৰসু হৈছে দৌৰা। দৈনিক কেইমিনিটমান দৌৰিলে চৰ্বি দ্ৰুতগতিত নোহোৱা হোৱাৰ লগতে ওজনো হ্ৰাস কৰে।দৌৰাৰ ফলত পেটৰ চৰ্বিও হ্ৰাস হয়। যিসকল লোকৰ টোপনিৰ সমস্যা আছে তেওঁলোকে দৈনিক দৌৰিলে লাভান্বিত হ’ব।দৌৰিলে মানুহৰ টোপনি ভাল হয়। মাত্ৰ ১০ মিনিট দৌৰা অভ্যাসে নিশা দিব গভীৰ টোপনি।
- দৌৰে কেৱল হৃদযন্ত্ৰকে সুষ্ঠ কৰি নাৰাখে, ইয়াৰ লগতে পেশী আৰু গাঁঠিবোৰো শক্তিশালী কৰে।নিয়মীয়াকৈ দৌৰিলে ভৰি আৰু কেন্দ্ৰৰ পেশীৰ শক্তি বৃদ্ধি কৰে
- (এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যেৰে লিখা হৈছে । বাতৰিটো পঢ়ি নিশ্চিতভাৱে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)