ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ৭ খনকৈ জিলাত ১২২.৪৫ কোটি টকাৰ প্ৰকল্পত অনুমতি জনাইছে চৰকাৰে ।
চেঙা, বহৰী, বৰপেটাত নতুন ঔদ্যোগিক পামৰ উন্নয়নৰ বাবে ১২.০৭ কোটি টকা । ২ নম্বৰ ধেমাজীবাৰী, বিশ্বনাথ চাৰিআলিত নতুন ঔদ্যোগিক পাম স্থাপনৰ বাবে ৩১.৫৪ কোটি টকা অনুমোদন দিছে ৰাজ্য চৰকাৰে ।
ইফালে চিলাপথাৰৰ সংহত আন্তঃগাথনি উন্নয়ন খণ্ডৰ বাবে ১১.৭৫ কোটি টকা অনুমোদন দিয়া হৈছে । কৰিমঞ্জৰ মাইজগ্ৰামত নতুন ঔদ্যোগিক পামৰ বাবে ১৩.৩০ কোটি টকা । তিতাবৰ যোৰহাটৰ সংহত আন্তঃগাঠনি উন্নয়ন খণ্ডৰ বাবে ১০.৮২ কোটি টকা । লগতে শোণিতপুৰৰ দীঘলী চাপৰীত নতুন ঔদ্যোগিক পামৰ বাবে ১৮.৮৫ কোটি টকা । গোৱালপাৰাত ঔদ্যোগিক পামৰ উন্নয়নৰ বাবে ১৪.৩০ কোটি টকা অনুমোদন দিছে চৰকাৰে ।
এই বিনিয়োগৰ জৰিয়তে অসমৰ ঔদ্যোগিক খণ্ড শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে । আনহাতে ইয়াৰ জৰিয়তে এই ঔদ্যোগিক খণ্ডত সংস্থাপন লাভ কৰিব বহু নিবনুৱা যুৱক-যুৱতীয়ে ।