ৰাজ্যত ৰাজহুৱা স্থান,হোটেল আদিত গো মাংস নিষিদ্ধ হোৱাৰ পিছত প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে চলাইছে অভিযান। ধুবুৰীৰ তামাৰহাটত হোটেলে হোটেলে চলিছে প্ৰশাসনৰ অভিযান।
অভিযানত ৩কুইন্টল ৫০ কেজি গো মাংস জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে দুখন ই- ৰিক্সা আৰু এখন স্কুটিত পুৱতি নিশা পশ্চিমবংগৰ পৰা অসমলৈ আনি আছিল মাংসখিনি।
সেই খবৰ পাই অসম-বংগ সীমান্তৰ কামানডাঙ্গাত আৰক্ষীয়ে অভিযান চলায় আটক কৰে তিনি সৰবৰহকাৰীক।ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে ছিদ্দিক আলী, মোস্তাফা শেখ, হিকমত আলী,আনিছুল হক।