উপ-নিৰ্বাচনত অসমৰ পাঁচটা বিধানসভা সমষ্টিতে বৃহৎ বিজয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলে । শনিবাৰে পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ হয়, য’ত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে বিপুল ব্যৱধানত জয়লাভ কৰে । ইফালে চামগুৰিত ঐতিহাসিক বিজয় সাব্যস্ত কৰি বিজেপিয়ে দখল কৰিলে কংগ্ৰেছৰ অভেদ্য দুৰ্গ । এই বিজয়ক লৈ গেৰুৱা দলটোৰ নেতা-কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।
ইফালে উপ-নিৰ্বাচনত অসমৰ পাঁচোটা বিধানসভা সমষ্টিতে দৰ্শনীয় বিজয়ৰ বাবে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ইয়াক সুশাসন আৰু উন্নয়নৰ প্রতি জনসাধাৰণৰ সমর্থনৰ প্রমাণ বুলি অভিহিত কৰিছে ৷
বিহালীৰ আসনঃ
বিহালীত বিজেপিয়ে ক্ষমতা অক্ষুণ্ণ ৰাখিছে । এই আসনখনত বিজেপি প্ৰাৰ্থী দিগন্ত ঘটোৱালে ৫০,৯৪৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ জয়ন্ত বৰাই ৪১,৮৯৬টা ভোট লাভ কৰে । এই আসনখন ২০২১ চনত বিজেপিৰ ৰঞ্জিত দত্তই দখল কৰিছিল । তেজপুৰ লোকসভাৰ আসনৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত এই আসনখন খালী হৈ পৰিছিল ।
বঙাইগাঁও আসনঃ
বঙাইগাঁও বিধানসভাৰ আসনত অনুষ্ঠিত উপ-নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে বৃহৎ জয় সাব্যস্ত কৰিছে । কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিঙক ৩৫১৬৪টা ভোটৰ বিপুল ব্যৱধানত পৰাস্ত কৰিছে বিজেপিৰ মিত্ৰ দল অগপৰ প্ৰাৰ্থী দীপ্তময়ী চৌধুৰীয়ে ।
ছিদলী আসনঃ
চিদলী বিধানসভা আসনৰ পৰা জয়লাভ কৰিছে বিজেপিৰ মিত্ৰ দল ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই । ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৩৭,০১৬ টা ভোটত জয়লাভ কৰে । তেওঁ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সুবোধ কুমাৰ বসুমতাৰীক পৰাস্ত কৰে । ব্ৰহ্মই ৯৫,২৪৩ টা ভোট লাভ কৰাৰ বিপৰীতে বসুমতাৰীয়ে ৫৮,২২৭ টা ভোট লাভ কৰে ।
ধলাই আসনঃ
ধলাইত বিজেপিৰ নিহাৰ ৰঞ্জন দাসে ৯৩৪৪টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । নিহাৰ ৰঞ্জন দাসে ৬৯৯৪৫ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থই ৬০৮৪৭ টা ভোট লাভ কৰে ।
চামগুৰি আসনঃ
চামগুৰিত ঐতিহাসিক বিজয় সাব্যস্ত কৰি বিজেপিয়ে খহালে কংগ্ৰেছৰ দুৰ্গ । এই নিৰ্বাচনত ৰকিবুল হুছেইনৰ অভেদ্য দুৰ্গত বিজয় ধ্বজা উৰুৱালে বিজেপিয়ে । ৰকিবুল হুছেইনৰ পুত্ৰ তথা কংগ্ৰেছৰ তাঞ্জিল হুছেইনক পৰাস্ত কৰি বিজেপিৰ দীপ্লু ৰঞ্জন শৰ্মাই ২৬,২০০ ভোটৰ ব্যৱধানত জয়লাভ কৰে ।
উল্লেখ্য যে, ৰাজ্যৰ উপ-নিৰ্বাচনত বিজেপিয়ে পাঁচখন আসনৰ ভিতৰত তিনিখন আসনত প্ৰতিদ্বন্দিতা কৰিছিল – বিহালী, চামগুৰি, আৰু ধলাই (এছ চি), আনহাতে ইয়াৰ সহযোগী দল অগপ আৰু ইউ পি পি এলে বঙাইগাঁও আৰু চিদলী (এছ টি) আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল । কংগ্ৰেছে পাঁচোখন আসনতে প্ৰতিদ্বন্দিতা কৰিছিল ।