ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হ’ল দিলীপ শইকীয়া। আনুষ্ঠানিক ঘোষণাৰ পিছতেই দিলীপ শইকীয়াই ললে দায়িত্বভাৰ। দিলীপ শইকীয়াক অভিনন্দন জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
প্ৰথমে ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাবে পূৰ্বৰ সভাপতি ভৱেশ কলিতাৰ নাম চৰ্চালৈ আহিছিল। কিন্তু দলৰ সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ পিছতে সভাপতি পদৰ পৰা আঁতৰিল ভৱেশ কলিতা।
২০২৬ত বিধানসভা নিৰ্বাচন খেলাৰ বাবেই ভৱেশ কলিতাই ললে এই সিদ্ধান্ত।৪ টা বৰ্ষৰ সেৱাৰ বাবে ভৱেশ কলিতাক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
বৃহস্পতিবাৰে বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰে দিলীপ শইকীয়াই ৷
১০জন প্ৰস্তাৱক-সমৰ্থকৰ স্বাক্ষৰ সম্বলিত মনোনয়ন দাখিল দিলীপ শইকীয়াৰ।বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হ’ল সাংসদ দিলীপ শইকীয়া ।
১৯৮৬ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰে জড়িত হৈ পৰিছিল দিলীক শইকীয়া । ২০০৫-০৬ বৰ্ষত বিজেপি ৰাজ্যিক মিডিয়া কোষৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০০৭ চনৰ পৰা ২০০৯ চনলৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম ৰাদ্যিকৰ সভাপতিও আছিল। ২০১৯ চনত লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদৰূপে নিৰ্বাচিত, ২০২৪ ত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়।