‘ৰাজনৈতিক ক্ষমতা ধৰি ৰাখিবলৈকে জৰুৰীকালীন অৱস্থা জাপি দিছিল’; কংগ্ৰেছক কটাক্ষ দিলীপ শইকীয়াৰ

অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ২৫ জুনত ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাক লৈ কংগ্ৰেছক চোকা আক্ৰমণ চলাই কেৱল ৰাজনৈতিক ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈহে কংগ্ৰেছ জাপি দিয়া বুলি অভিযোগ উত্থাপন কৰে।

জৰুৰীকালীন অৱস্থাৰ ৫১ সংখ্যক বাৰ্ষিকী উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশতে ২৫ জুন দিনটো “ক’লা দিৱস” হিচাপে পালন কৰে। অসমতো ভাৰতীয় জনতা পাৰ্টীয়ে এই ক’লা দিৱস পালন কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী নীলমণি সেন ডেকা আৰু কৌশিক ৰায়কে ধৰি দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু জনপ্ৰতিনিধি উপস্থিত থাকে।

এই অনুষ্ঠানত অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাৰি কৰাক লৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে। তেওঁ ইয়াক ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ অন্যতম ক’লা অধ্যায় বুলি অভিহিত কৰাৰ লগতে কেৱল ৰাজনৈতিক ক্ষমতা ধৰি ৰাখিবলৈকে এই জৰুৰীকালীন অৱস্থা জাপি দিয়া হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা জাৰি কৰা এক বিবৃতিত শইকীয়াই কয় যে ১৯৭৫ চনত ২৫ জুনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা কাৰ্যই কংগ্ৰেছ নেতৃত্বই ক্ষমতাত টিকি থাকিবলৈ কি পৰ্যায়লৈ যাব পাৰে তাকেই প্ৰতিফলিত কৰিছিল। সভাপতি গৰাকীয়ে কয়, “জৰুৰীকালীন অৱস্থাৰ ঘোষণা যিকোনো মূল্যৰ বিনিময়ত ক্ষমতাত খামুচি ধৰি ৰাখিবলৈ কংগ্ৰেছ দলৰ দৃঢ়তাৰ এক অন্যতম নিকৃষ্ট উদাহৰণ।” সেই সময়ছোৱাত গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু সাংবিধানিক নীতি-নিয়মসমূহক ভৰিৰে মোহাৰি পেলোৱা হৈছিল বুলিও তেওঁ অভিযোগ কৰে।

তেওঁ উল্লেখ কৰে যে তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰামৰ্শ মতে এই জৰুৰীকালীন অৱস্থা জাপি দিয়া হৈছিল আৰু সেই সময়ৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদে ইয়াক আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। দিলীপ শইকীয়াৰ মতে, এই ২১ মহীয়া জৰুৰীকালীন সময়ছোৱাত নাগৰিক স্বাধীনতাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা, বিৰোধী ৰাজনৈতিক পক্ষক দমন আৰু সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰা হৈছিল।

বিজেপি নেতাজনে অভিযোগ কৰে যে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত এক লাখতকৈও অধিক বিৰোধী নেতা আৰু ৰাজনৈতিক কৰ্মীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ভৰোৱা হৈছিল, আনহাতে গণতান্ত্ৰিক প্ৰতিবাদ আৰু ভিন্নমত পোষণ কৰা কণ্ঠসমূহক প্ৰণালীবদ্ধভাৱে দমন কৰা হৈছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ৰ দৰে সংগঠনসমূহক নিষিদ্ধ কৰা হৈছিল আৰু তদানীন্তন ভাৰতীয় জনসংঘৰ কেইবাজনো শীৰ্ষ নেতা যেনে অটল বিহাৰী বাজপেয়ী আৰু লাল কৃষ্ণ আদৱানীক জেলত ভৰোৱা হৈছিল।

জৰুৰীকালীন অৱস্থাৰ পূৰ্বৰ ৰাজনৈতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি দিলীপ শইকীয়াই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সেই ৰায়দানৰ কথা সোঁৱৰাই দিয়ে যাৰ জৰিয়তে ইন্দিৰা গান্ধীৰ নিৰ্বাচন অবৈধ ঘোষণা কৰা হৈছিল। তেওঁ অভিযোগ কৰে যে গণতান্ত্ৰিক পৰম্পৰা অনুসৰি পদত্যাগ কৰাৰ পৰিৱৰ্তে ইন্দিৰা গান্ধীয়ে ক্ষমতাত টিকি থাকিবলৈ জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ পথ বাছি লৈছিল।

তেওঁ দৃঢ়তাৰে কয় যে যেতিয়া সাংবিধানিক মূল্যবোধ আৰু গণতান্ত্ৰিক নীতিৰ ওপৰত ৰাজনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া হয়, তেতিয়া কি ভয়ংকৰ বিপদৰ সৃষ্টি হ’ব পাৰে তাৰে এক সোঁৱৰণি হিচাপে কাম কৰে এই জৰুৰীকালীন অৱস্থাই।

লগতে পঢ়ক: ১৯৭৫-ৰ জৰুৰীকালীন অৱস্থা গণতন্ত্ৰৰ ‘ক’লা অধ্যায়’ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

২৮ ফেব্ৰুৱাৰীৰ পৰা বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত বিজেপিয়ে ২৮ ফেব্ৰুৱাৰীৰ পৰা ‘জন আশীৰ্বাদ যাত্ৰা’ আৰম্ভ কৰিব ।

আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিয়ে ২৮ ফেব্ৰুৱাৰীৰ পৰা ‘জন আশীৰ্বাদ যাত্ৰা’ আৰম্ভ কৰিব ।

দেওবাৰে গুৱাহাটীত এক সংবাদমেল যোগে এই কাৰ্যসূচী ঘোষণা কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে, এই যাত্ৰাৰ উদ্দেশ্য হৈছে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰা আৰু দলৰ লক্ষ্য, সাফল্য তথা ভৱিষ্যতৰ পৰিকল্পনাসমূহ দাঙি ধৰা ।

তেওঁ জানিবলৈ দিয়ে যে এই যাত্ৰাৰ প্ৰথম পৰ্যায় ২৮ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ চলিব আৰু এই পৰ্যায়ত মুঠ ৩৪টা বিধানসভা সমষ্টি সামৰি লোৱা হ’ব ।

ৰাজ্যিক বিজেপিৰ সভাপতিৰ মতে, এই পদক্ষেপৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ৰ সম্পৰ্ক অধিক দৃঢ় কৰা আৰু নিৰ্বাচনৰ পূৰ্বে জনমত একত্ৰিত কৰা । যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়সমূহৰ বিষয়ে সবিশেষ তথ্য যথাসময়ত ঘোষণা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী মোদী, ১৩ মাৰ্চত কোকৰাঝাৰত বৃহৎ অনুষ্ঠান

‘মোদীৰ নাক কটাৰ ষড়যন্ত্ৰ ৰাহুল-প্ৰিয়ংকাৰ ঘৰত’; কংগ্ৰেছক তীক্ষ্ণ সমালোচনা দিলীপ শইকীয়াৰ

শুকুৰবাৰৰ দিনা যুৱ কংগ্ৰেছৰ কেইজনমান যুৱকে এআই ইমপেক্ট ছামিটত কৰা প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ দিলীপ শইকীয়াই।

দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হৈ থকা ভাৰত এআই ইমপেক্ট ছামিটত শুকুৰবাৰে এক লজ্জাজনক ঘটনা সংঘটিত হয়।

ভাৰত মাণ্ডপামৰ ভিতৰত শুকুৰবাৰৰ দিনা যুৱ কংগ্ৰেছৰ কেইজনমান যুৱকে কাপোৰ খুলি এআই ইমপেক্ট ছামিট ২০২৬ ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।তাৰ পিছতেই এতিয়া সাংসদ তথা  ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এতিয়া কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰিছে।

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে, NSUI-এ দেশৰ মৰ্যাদা ধূলিসাৎ কৰিলে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই নাক কটাৰ ষড়যন্ত্ৰ ৰাহুল-প্ৰিয়ংকাৰ ঘৰত ৰচনা কৰা হৈছিল। আৰু তাত অসমৰ গৌৰৱ গগৈ উপস্থিত আছিল।  

দিলীপ শইকীয়াই লগতে কয় যে, বিশ্বৰ আগশাৰীৰ CEO-ৰ সমুখত কংগ্ৰেছে ভাৰতক অপমানিত কৰিলে।প্ৰযুক্তিৰ আলোচনাৰ সময়ত কংগ্ৰেছী কৰ্মীয়ে তীব্ৰ বিধি-পথালি দিলে।তেওঁলোকে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অতি নিম্নস্তৰৰ শ্লোগানো দিছে।

কংগ্ৰেছে বিদেশী বিনিয়োগকাৰীৰ আগত দেশৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা কৰিলে। ইয়াৰ বাবে যি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ঘৰত আলোচনা হৈছিল।দেশৰ উন্নয়নত বাধা দিয়াটোৱেই হৈছে কংগ্ৰেছৰ লক্ষ্য।   

লগতে পঢ়ক: ‘প্ৰধানমন্ত্ৰী মোদী এজন মহান ব্যক্তি, কিন্তু ভাৰতে শুল্ক দিবই লাগিব…’; ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত ট্ৰাম্পৰ ডাঙৰ দাবী

ৰাজ্যিক বিজেপিয়ে পালে নতুন সভাপতি; বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ’ল দিলীপ শইকীয়া

ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হ’ল দিলীপ শইকীয়া। আনুষ্ঠানিক ঘোষণাৰ পিছতেই দিলীপ শইকীয়াই ললে দায়িত্বভাৰ। দিলীপ শইকীয়াক অভিনন্দন জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

প্ৰথমে ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাবে পূৰ্বৰ সভাপতি ভৱেশ কলিতাৰ নাম চৰ্চালৈ আহিছিল। কিন্তু দলৰ সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ পিছতে সভাপতি পদৰ পৰা আঁতৰিল ভৱেশ কলিতা।

২০২৬ত বিধানসভা নিৰ্বাচন খেলাৰ বাবেই ভৱেশ কলিতাই ললে এই সিদ্ধান্ত।৪ টা বৰ্ষৰ সেৱাৰ বাবে ভৱেশ কলিতাক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বৃহস্পতিবাৰে বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰে দিলীপ শইকীয়াই ৷

১০জন প্ৰস্তাৱক-সমৰ্থকৰ স্বাক্ষৰ সম্বলিত মনোনয়ন দাখিল দিলীপ শইকীয়াৰ।বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হ’ল সাংসদ দিলীপ শইকীয়া ।

১৯৮৬ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰে জড়িত হৈ পৰিছিল দিলীক শইকীয়া । ২০০৫-০৬ বৰ্ষত বিজেপি ৰাজ্যিক মিডিয়া কোষৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০৭ চনৰ পৰা ২০০৯ চনলৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম ৰাদ্যিকৰ সভাপতিও আছিল। ২০১৯ চনত লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদৰূপে নিৰ্বাচিত, ২০২৪ ত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়।