শুকুৰবাৰৰ দিনা যুৱ কংগ্ৰেছৰ কেইজনমান যুৱকে এআই ইমপেক্ট ছামিটত কৰা প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ দিলীপ শইকীয়াই।
দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হৈ থকা ভাৰত এআই ইমপেক্ট ছামিটত শুকুৰবাৰে এক লজ্জাজনক ঘটনা সংঘটিত হয়।
ভাৰত মাণ্ডপামৰ ভিতৰত শুকুৰবাৰৰ দিনা যুৱ কংগ্ৰেছৰ কেইজনমান যুৱকে কাপোৰ খুলি এআই ইমপেক্ট ছামিট ২০২৬ ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।তাৰ পিছতেই এতিয়া সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এতিয়া কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰিছে।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে, NSUI-এ দেশৰ মৰ্যাদা ধূলিসাৎ কৰিলে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই নাক কটাৰ ষড়যন্ত্ৰ ৰাহুল-প্ৰিয়ংকাৰ ঘৰত ৰচনা কৰা হৈছিল। আৰু তাত অসমৰ গৌৰৱ গগৈ উপস্থিত আছিল।
দিলীপ শইকীয়াই লগতে কয় যে, বিশ্বৰ আগশাৰীৰ CEO-ৰ সমুখত কংগ্ৰেছে ভাৰতক অপমানিত কৰিলে।প্ৰযুক্তিৰ আলোচনাৰ সময়ত কংগ্ৰেছী কৰ্মীয়ে তীব্ৰ বিধি-পথালি দিলে।তেওঁলোকে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অতি নিম্নস্তৰৰ শ্লোগানো দিছে।
কংগ্ৰেছে বিদেশী বিনিয়োগকাৰীৰ আগত দেশৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা কৰিলে। ইয়াৰ বাবে যি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ঘৰত আলোচনা হৈছিল।দেশৰ উন্নয়নত বাধা দিয়াটোৱেই হৈছে কংগ্ৰেছৰ লক্ষ্য।









