ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল মিছন বসুন্ধৰা ৩.০। কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিলে এই আঁচনি। অনুষ্ঠানটোত ভূমি পত্তা নোপোৱা সকলক আবেদন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। মিছন বসুন্ধৰা ৩.০ অনুসৰি ৰেহাই প্ৰিমিয়ামত হ’ব একচনীয়া মাটিৰ ম্যাদীকৰণ। এই আঁচনিৰ জৰিয়তে পূ্বে স্থগিত ৰখা আবেদন সমূহৰ হ’ব পুনৰ পৰীক্ষণ। মিছন বসুন্ধৰা ৩.Oত আবেদনকাৰীয়ে জমা দিব লাগিব কিছু তথ্য। ইয়াত আবেদনৰ বাবে ১৯৫১ চনৰ বৈধ নথিপত্ৰ দিব লাগিব আবেদনকাৰীয়ে। ১৯৭১ চনৰ আগৰ বৈধ শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ থাকিলেও কৰিব পাৰিব আবেদন।৩.০ ত কোনো ST লোকে ১৯৫১ চনৰ প্ৰমাণ পত্ৰ দিব নালাগে। ইয়াৰ লগতে SC ,চাহ জনজাতি, আদিবাসী লোক সকলেও তিনিটা প্ৰজন্মৰ দিব নালাগে প্ৰমাণ পত্ৰ। যদি নগৰাঞ্চলত আছাম টাইপৰ ঘৰ থাকে, তেন্তে পূৰ্বতে ৩০শতাংশ প্ৰিমিয়াম দিব লাগিছিল, কিন্তু এতিয়া কেৱল তেওঁলোকে মাটিৰ পট্টাৰ বাবদ মাত্ৰ ৩শতাংশ প্ৰিমিয়াম আদায় দিলেই হ’ব। এতিয়াৰ পৰা যদিহে কোনোবাই চাহ বাগিছাৰ মাটিত ঘৰ বনাই তেন্তে সেই ব্যক্তি জন অপৰাধী হ’ব আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।