ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে ভাষা গৌৰৱ সপ্তাহ । চৰকাৰৰ আহ্বান মৰ্মে জিলাই জিলাই আৰম্ভ হৈছে ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচী ৷ অসমীয়া ভাষাক কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ পিছতে পালন কৰা হৈছে এই ভাষা গৌৰৱ সপ্তাহ । অসমীয়া ভাষা উত্তৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা পণ্ডিত, সাহিত্যিক তথা ব্যক্তিসকলক সন্মান জনোৱাৰ উদ্দেশ্যৰে পালন কৰা হৈছে এই সপ্তাহ ।
ইয়াৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাষা গৌৰৱ সপ্তাহৰ প্ৰথম দিনটোত ৰাজ্যবাসীলৈ শুভেচ্ছা জনোৱাৰ লগতে জনাইছে বিশেষ আহ্বান । সামাজিক মাধ্যম এক্সত এটা পোষ্টত প্ৰধানন্ত্ৰী মোদীয়ে লিখিছে-
“ভাষা গৌৰৱ সপ্তাহ হৈছে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত অসমৰ জনতাৰ উদ্যমক উজ্জ্বল কৰি তোলা এক উল্লেখযোগ্য প্ৰচেষ্টা । মই শুভেচ্ছা জনালোঁ । সপ্তাহটোৰ পৰিকল্পিত কাৰ্যসূচী সমূহে ৰাজ্যবাসী আৰু অসমীয়া সংস্কৃতিৰ সংযোগ গভীৰ কৰক । মই লগতে অসমৰ বাহিৰৰ অসমীয়া ৰাইজকো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো ।“
উল্লেখ্য যে, বিগত ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাৰ লগতে অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰিছিল ।