ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ প্ৰথম তিনিখন মেচত খেলিব নোৱাৰিব ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে । ২৩ মাৰ্চত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত যোৱা সংস্কৰণৰ চূড়ান্ত প্ৰতিযোগী ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰাজস্থানে আই পি এল ২০২৫ৰ অভিযান আৰম্ভ কৰিব । সঞ্জুৰ অনুপস্থিতিত দলৰ দায়িত্ব ল’ব ৰিয়ান পৰাগে ।
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ খেলৰ সময়ত ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক তথা উইকেটকীপাৰ বেটছমেন সঞ্জুৱে আঙুলিত আঘাত পাইছিল । ইয়াৰ বাবে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল । তথ্য অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তেওঁক উইকেট কীপিঙৰ বাবে এতিয়াও সেউজ সংকেট দিব পৰা নাই ।
চেমছনৰ অনুপস্থিতিত ৰিয়ান পৰাগে প্ৰথম আই পি এল চেম্পিয়ন দলৰ অধিনায়কত্ব কৰিব । তেওঁ আই পি এলৰ ইতিহাসত ফ্ৰেঞ্চাইজিৰ অধিনায়কত্ব কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব ।
ৰিয়ান পৰাগক অধিনায়কত্ব দিয়াৰ সিদ্ধান্ত সন্দৰ্ভত ৰাজস্থান ৰয়েলছে কয় যে, ‘ৰাজস্থান ৰয়েলছৰ অধিনায়কত্ব ৰিয়ানক গতাই দিয়াৰ সিদ্ধান্তই তেওঁৰ নেতৃত্বৰ প্ৰতি ফ্ৰেঞ্চাইজিৰ আস্থাক প্ৰতিফলিত কৰিছে, অসমৰ ঘৰুৱা অধিনায়ক হিচাপে থকাৰ সময়ছোৱাত তেওঁ নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে । বছৰ বছৰ ধৰি ৰয়েলছৰ চেটআপৰ এজন গুৰুত্বপূৰ্ণ সদস্য হোৱাৰ বাবে দলটোৰ বিষয়ে তেওঁৰ বুজাবুজি কল্পনাতীত ।’
জুৰেলে উইকেটকিপিং কৰিব-
যিহেতু প্ৰাৰম্ভিক মেচত চেমছনে খেলিব নোৱাৰিব, সেয়েহে ধ্ৰুৱ জুৰেলক দলৰ উইকেটকীপাৰ হ’ব পাৰে । জুৰেলক ১৪ কোটি টকাৰ বিনিময়ত ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিছিল । দলৰ আন কোনো উইকেটকীপাৰ-বেটছমেন নাই ।