ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২৩ সংখ্যক খেলখন বুধবাৰে গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হয় । এই মেচখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই খেলখনত গুজৰাটে ৰাজস্থানক ৫৮ ৰানত পৰাস্ত কৰে ।
মেচখনত টছত জয়লাভ কৰাৰ পাছত ৰাজস্থানে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি গুজৰাটে ৰাজস্থানক ২১৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । ছাই সুদৰ্শনে ৮২ ৰানৰ এক উজ্জ্বল ইনিংছ খেলে । ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থানে ১৯.২ অভাৰত মাত্ৰ ১৫৯ ৰানহে কৰিবলৈ সক্ষম হয় আৰু আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়ৰ সন্মুখীন হয় । এই জয়ৰ জৰিয়তে গুজৰাটে ৫খন খেলত ৪ খনত জয় আৰু ১ খনত পৰাজয়ৰে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় । আনহাতে, পাঁচখন মেচত দুখনত জয় আৰু তিনিখনত পৰাজয়ৰে এতিয়া সপ্তম স্থানত আছে ৰাজস্থান দল ।
ৰাজস্থানৰ ইনিংছ-
২১৮ ৰানৰ প্ৰত্যুত্তৰত ৰাজস্থানৰ আৰম্ভণি ভাল নাছিল । দ্বিতীয় অভাৰতে যশস্বী জয়ছোৱাল আৰছাদ খানৰ বলি হয় । যশস্বীৰ বেটৰ পৰা মাত্ৰ ৬ ৰানহে আহে । ইয়াৰ পিছতে তৃতীয় অভাৰত এটা ৰান সংগ্ৰহ কৰি আউট হয় নীতিশ ৰানা । অৱশ্যে ইয়াৰ পিছত সঞ্জু চেমচন আৰু ৰিয়ান পৰাগে দলৰ ইনিংছৰ দায়িত্ব লয় ।
গুজৰাটৰ বেটিং-
প্ৰথমে বেটিং কৰিবলৈ অহা গুজৰাটৰ আৰম্ভণি ভাল নাছিল । তৃতীয় অভাৰতে জফ্ৰা আৰ্চাৰে গুজৰাটৰ অধিনায়ক গীলক বল্ড কৰে । সেই সময়ত গুজৰাটৰ স্ক’ৰ আছিল মাত্ৰ ১৪ ৰান । কিন্তু ইয়াৰ পিছত ছাই সুদৰ্শন আৰু জোছ বাটলাৰৰ মাজত এক উজ্জ্বল অংশীদাৰিত্বৰ সৃষ্টি হয় । বাটলাৰে বিস্ফোৰক বেটিং কৰে । দশম অভাৰত গুজৰাটৰ স্ক’ৰ ৯৪ ৰান হোৱাৰ সময়তে বাটলাৰৰ উইকেটৰ পতন ঘটে । ছাই সুদৰ্শনে ৮২ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । শ্বাহৰুখ খানেও ৩৬ ৰান সংগ্ৰহ কৰে । পিছত ৰাহুল তেৱাতিয়াই শ্বৰ্ট ন’ক খেলে, যাৰ বাবে গুজৰাটে ৰাজস্থানৰ সন্মুখত ২১৮ ৰানৰ লক্ষ্য স্থাপন কৰে ।