যোৱা কেইবছৰমানৰ পৰা বহু যুৱক-যুৱতীয়ে দেশৰ ৰাজনৈতিক পৰিৱেশৰ বিষয়ে অধিক জানিবলৈ আৰু বিশ্ব পৰ্যায়ত সিদ্ধান্ত গ্ৰহণকাৰী হিচাপে ভাৰতৰ স্থিতি বুজিবলৈ কৌতুহল প্ৰকাশ কৰিছে । ৰাজনৈতিক ব্যৱস্থাৰ গভীৰতালৈ সোমাই ৰাজহুৱা প্ৰশাসনৰ দিশত যথেষ্ট অৰিহণা যোগোৱা আৰু আইন প্ৰণয়ন প্ৰক্ৰিয়াত সহায় কৰা কিছুমান প্ৰথা আৰু তত্ত্ব বিশ্লেষণ কৰাৰ এই আগ্ৰহে তেওঁলোকক ৰাজনীতি বিজ্ঞানত বি এ (অনাৰ্ছ) ডিগ্ৰী ল’বলৈ প্ৰেৰণা দিয়ে ।
এই স্নাতক পাঠ্যক্ৰম সাধাৰণতে বিশ্ববিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰি তিনি বা চাৰি বছৰীয়া হয় । ইয়াত গণতন্ত্ৰ, স্বাধীনতা, সমতা, তুলনামূলক ৰাজনীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা, ৰাজহুৱা প্ৰশাসন আৰু বহুতো ধাৰণাক কেন্দ্ৰ কৰি বিভিন্ন প্ৰখ্যাত দাৰ্শনিকৰ চিন্তাধাৰাকে ধৰি কেইবাটাও মূল বিষয়বস্তু সামৰি লোৱা হৈছে । এই পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ কিছুমান বিশ্ববিদ্যালয়ে কেৱল দ্বাদশ শ্ৰেণীৰ নম্বৰৰ ওপৰত নিৰ্ভৰ কৰে, আনহাতে আন কিছুমানে প্ৰৱেশ পৰীক্ষাও অনুষ্ঠিত কৰে ।
গতিকে, যদি আপুনি ৰাজনীতি আৰু প্ৰশাসনৰ ক্ষেত্ৰত আপোনাৰ আগ্ৰহ অন্বেষণ কৰিব বিচাৰে, কিন্তু এই ডিগ্ৰীয়ে কেনেধৰণৰ নিৰ্দিষ্ট কেৰিয়াৰৰ সুযোগৰ সৃষ্টি কৰিব পাৰে সেই বিষয়ে চিন্তা কৰি আছে, তেন্তে ইয়াত কেৰিয়াৰৰ পথ কেনেকুৱা হ’ব পাৰে তাৰ এটা চমু আভাস দিয়া হ’ল-
১) নীতি বিশ্লেষক অথবা পলিচি এনালিষ্ট-
যদি আপুনি নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অংশ হ’ব বিচাৰে, নীতিৰ কাৰ্যকাৰিতা মূল্যায়ন কৰিব বিচাৰে আৰু ভাৰতীয় আইন প্ৰণয়নৰ ভৱিষ্যতৰ বাবে ফলপ্ৰসূ কৌশল উদ্ভাৱন কৰিব বিচাৰে, তেন্তে আপুনি ৰাজনীতি বিজ্ঞান বিষয়ত ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত নীতি বিশ্লেষকৰ ভূমিকা গ্ৰহণ কৰিব বিচাৰিব পাৰে । এই বিশ্লেষকসকলে গৱেষণা আৰু তথ্য সংগ্ৰহ কৰিব, বৰ্তমানৰ নীতি আৰু আইনসমূহৰ মূল্যায়ন কৰি ব্যৱধান চিনাক্ত কৰিব, নতুন নীতি প্ৰস্তুত কৰাৰ কাম কৰিব, বিশদ প্ৰতিবেদন প্ৰস্তুত আৰু ফলাফলসমূহ নিৰীক্ষণ কৰি প্ৰয়োজনীয় পৰিৱৰ্তন কৰিব বুলি আশা কৰা হয় । এনে ব্যক্তিয়ে এন জি অ’, গৱেষণা প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ড, চৰকাৰী সংস্থাসমূহত পূৰ্ণকালীনভাৱে কাম কৰিব পাৰে, আনকি স্বতন্ত্ৰ পৰামৰ্শদাতা হিচাপেও কাম কৰিব পাৰে ।
২) সাংবাদিকতা-
ৰাজনীতি বিজ্ঞানৰ স্নাতকসকলৰ বাবে আন এটা কেৰিয়াৰ বিকল্প হ’ল সাংবাদিকতা । সাংবাদিক হিচাপে এজন ব্যক্তিয়ে ৰাজনৈতিক বিষয়ৰ ওপৰত প্ৰতিবেদন দিব লাগে, ৰাজহুৱা নীতি আৰু আইন বিশ্লেষণ কৰিব লাগে, সাক্ষাৎকাৰ ল’ব লাগে আৰু বিশ্বৰ পৰিঘটনা, বৈদেশিক নীতি, কূটনৈতিক সম্পৰ্কৰ কভাৰেজ আগবঢ়াব লাগে । এই ভূমিকা পালন কৰিবলৈ হ’লে সমালোচনাত্মক চিন্তাধাৰা, গৱেষণা দক্ষতা, আইনী ব্যৱস্থাৰ জ্ঞান, তথ্য আৰু বক্তব্যৰ জৰিয়তে জনমত গঢ় দিয়াৰ ক্ষমতা থাকিব লাগিব । এজন সাংবাদিক হিচাপে আপুনি ছপা মাধ্যম, নিউজ চেনেল, ডিজিটেল মাধ্যম আৰু তদন্তমূলক সাংবাদিকতাত জড়িত বিভিন্ন অনলাইন প্লেটফৰ্মৰ বাবে কাম কৰিব পাৰে ।
৩) জনসংযোগ বিশেষজ্ঞ-
চৰকাৰ, সংবাদ মাধ্যম আৰু জনসংযোগৰ সঠিক জ্ঞান থকা ব্যক্তিয়ে নিঃসন্দেহে জনসংযোগৰ স্থানত লাভৱান হ’ব পাৰে । এজন জনসংযোগ বিশেষজ্ঞই তেওঁলোকৰ ক্লায়েণ্টৰ হৈ মিডিয়া হাউছৰ সৈতে সম্পৰ্ক বজাই ৰাখিব লাগে, প্ৰেছ বিজ্ঞপ্তি লিখিব লাগে আৰু সংবাদমেলৰ সমন্বয় কৰিব লাগে । এই দায়িত্বসমূহ পালন কৰাৰ সমান্তৰালভাৱে তেওঁলোকে সংকটসমূহ পৰিচালনা কৰে, ছ’চিয়েল মিডিয়া চম্ভালে আৰু তেওঁলোকৰ ক্লায়েণ্টৰ ভাবমূর্তি বৃদ্ধি কৰিবলৈ অভিযান আৰম্ভ কৰে । এই ভূমিকাত দক্ষ হ’বলৈ হ’লে এজন ব্যক্তিয়ে উৎকৃষ্ট যোগাযোগ দক্ষতা, শক্তিশালী নেটৱৰ্ক, ছ’চিয়েল মিডিয়াৰ বিশেষজ্ঞতা, গৱেষণা আৰু নেটৱৰ্কিং ক্ষমতাৰ অধিকাৰী হ’ব লাগিব ।
৪) প্ৰবক্তা/অধ্যাপক-
যদি আপুনি শিক্ষকতাৰ কামত নিয়োজিত হোৱা আৰু গভীৰ গৱেষণা কৰাৰ প্ৰতি আকৰ্ষিত, তেন্তে আপুনি আপোনাৰ ৰাজনীতি বিজ্ঞানৰ ডিগ্ৰীৰ লাভ উঠাব পাৰে । আপুনি বিশ্ববিদ্যালয়, কলেজ বা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰবক্তা হ’ব পাৰে । এই ভূমিকাৰ বাবে প্ৰথমে ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব । তাৰ পিছত আৰু আগবাঢ়ি যাবলৈ পি এইচ ডি কৰিব লাগিব । অৱশ্যে নেট বা ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ লাভ কৰাটো অতি প্ৰয়োজনীয় । দক্ষতাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত ৰাজনৈতিক তত্ত্বৰ গভীৰ বুজাবুজি, জটিল বিষয়সমূহ সহজতমভাৱে যোগাযোগ কৰাৰ ক্ষমতা, অভিযোজন ক্ষমতা আৰু সাংগঠনিক দক্ষতাই দীৰ্ঘম্যাদী সফলতা নিশ্চিত কৰিব পাৰে ।
৫) উকীল-
বহু ৰাজনীতি বিজ্ঞানৰ স্নাতকে ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত আইনৰ কেৰিয়াৰ গঢ়িবলৈ মন কৰে, কাৰণ এই দুয়োটা ক্ষেত্ৰৰ মাজত বহুত সম্পৰ্ক আছে । ৰাজনীতি বিজ্ঞানৰ শক্তিশালী পটভূমিয়ে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাজহুৱা প্ৰশাসনৰ সঠিক বুজাবুজিত সহায় কৰে, যাৰ ফলত তেওঁলোকক কৰ্পৰেট আইন, অপৰাধ আইন, আন্তঃৰাষ্ট্ৰীয় আইন, চৰকাৰী আইন, মানৱ অধিকাৰ আইন, সাংবিধানিক আইন, আৰু প্ৰশাসনিক আইনৰ ক্ষেত্ৰত নিজকে নিৰ্ভৰযোগ্য উকীল হিচাপে গঢ় দিয়াৰ বাবে প্ৰয়োজনীয় জ্ঞানেৰে সম্পূৰ্ণৰূপে সজ্জিত হয় । এজন উকীল হ’বলৈ হ’লে ৩ বছৰীয়া এল এল বি প্ৰগ্ৰেম বা ৫ বছৰীয়া ইন্টিগ্ৰেটেড বি এ এল এল বি প্ৰগ্ৰেম কৰা প্ৰয়োজন ।
৬) আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞ-
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞক অতি সন্মানীয় আৰু লাভজনক কেৰিয়াৰ পথ হিচাপে গণ্য কৰা হয় । এই ভূমিকাৰ অধীনত নীতিগত বিষয় আৰু বাণিজ্যিক চুক্তিৰ ওপৰত চৰকাৰী সংস্থাসমূহক পৰামৰ্শ দিবলৈ বিশ্বৰ ৰাজনৈতিক ধাৰা, আন্তঃৰাষ্ট্ৰীয় সন্ধি, অৰ্থনৈতিক নীতি বিশ্লেষণ কৰিব লাগিব । লগতে, তেওঁলোকে কূটনীতিত জড়িত হোৱা, বিবাদৰ সময়ত মধ্যস্থতাকাৰী হিচাপে কাম কৰা, প্ৰতিবেদন লিখা, কৌশলগত পৰামৰ্শ দিয়া, বিশ্বব্যাপী প্ৰকল্পসমূহৰ তদাৰক কৰা আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে সমন্বয় সাধন কৰে । স্নাতকসকলে চৰকাৰী সংস্থা, থিংক টেংক বা আন্তঃৰাষ্ট্ৰীয় সংস্থাত প্ৰৱেশ পৰ্যায়ৰ ভূমিকাৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰে আৰু ক্ৰমান্বয়ে উল্লেখযোগ্য পদবীলৈ যাব পাৰে ।