অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন। কোকৰাঝাৰৰ বড়োলেণ্ড পৰিষদীয় বিধানসভা ভৱনত হ’ব বিধান সভাৰ বাজেট অধিৱেশন।
আজি পুৱাই ৫খন বিশেষ বাছেৰে কোকৰাঝাৰলৈ ৰাওনা হয় অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কসকল। আজিৰে পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন।

ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশনৰ কাৰ্যসূচী। পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব দিনটোৰ কাৰ্যসূচী। ইতিমধ্যে ৫খন বিশেষ বাছত ইতিমধ্যে গুৱাহাটীৰ পৰা ৰাওনা হৈছে মন্ত্ৰী-বিধায়কসকল।
পুৱা ৬ বজাত ৰাওনা হৈছে সকলো। বডোফা চহৰত অনুষ্ঠিত হ’ব লগীয়া অধিৱেশনক লৈ উৎকণ্ঠা বৃদ্ধি পাইচে কোকৰাঝাৰবাসীৰ। অধিৱেশনৰ বাবে নিশাই কোকৰাঝাৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
এই অধিৱেশনক লৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই সামাজিক মাধ্যমত লিখিছে যে, ‘‘অসমৰ ইতিহাসত আজিৰ দিনটো এক ঐতিহাসিক দিন।

ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত অসম বিধান সভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন অনুষ্ঠিত হ’ব।
কিছু সময় পূৰ্বে অসম বিধান সভাৰ সন্মানীয় সদস্যসকলৰ সৈতে এই ঐতিহাসিক দিনৰ সাক্ষী হ’বলৈ আমি গুৱাহাটীৰ অসম বিধান সভা চৌহদৰ পৰা কোকৰাঝাৰলৈ যাত্ৰা আৰম্ভ কৰোঁ।
এসময়ত অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত বি টি আৰৰ শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰতো ই এক উল্লেখনীয় দৃষ্টান্ত হিচাপে দেশজুৰি চৰ্চিত হৈছে।

আজিৰ অধিৱেশনত অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ-সামাজিক আৰু সামগ্ৰিক উন্নয়ন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ’ব।
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গ্ৰহণ কৰা এই দূৰদৰ্শী সিদ্ধান্তই ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আমি দৃঢ় বিশ্বাসী।’’