ৰাছিয়াৰ কাজান চহৰত সংঘটিত হৈছে এক বৃহৎ ড্ৰোন আক্ৰমণ । ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে কাজানৰ কেইবাটাও বহুমহলীয়া অট্টালিকাত ড্ৰোনে আঘাত হানিছে । এই আক্ৰমণ ২০০১ চনত আমেৰিকাত সংঘটিত হোৱা ৯/১১ আক্ৰমণৰ দৰেই সংঘটিত হৈছে । এই আক্ৰমণত হোৱা ক্ষয়-ক্ষতিৰ তথ্য এতিয়াও জানিব পৰা হোৱা নাই যদিও ড্ৰোনে যিদৰে আৱাসিক অট্টালিকাসমূহত আঘাত কৰে আৰু অট্টালিকাসমূহত বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হয়, তাত বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে । এই আক্ৰমণৰ ভিডিঅ’ পোহৰলৈ আহিছে । একে সময়তে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলৰ ৰিলস্ক চহৰত ইউক্ৰেইনৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত শিশুসহ ৬জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । আন ১০ জন লোকো আহত হয় এই আক্ৰমণত ।
ইউক্ৰেইনৰ বিৰুদ্ধে ড্ৰোন আক্ৰমণৰ অভিযোগ-
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই আক্ৰমণ ইউক্ৰেইনৰ দ্বাৰা সংঘটিত হোৱা বুলি দাবী কৰিছে ৰাছিয়াই । ড্ৰোন আক্ৰমণৰ পিছতে কাজান বিমানবন্দৰত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে । ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা প্ৰায় ৮০০ কিলোমিটাৰ পূবে অৱস্থিত কাজান চহৰ । এই ড্ৰোন আক্ৰমণ কাজানৰ ছটা আৱাসিক অট্টালিকাত সংঘটিত হয় । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ সীমান্তৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ পূবে কাজান চহৰ অৱস্থিত আৰু ইয়াৰ পূৰ্বেও ইউক্ৰেইনে কাজানত ড্ৰোন আক্ৰমণ চলাইছিল । ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দাবী কৰিছে যে তেওঁলোৰ বাহিনীয়ে ১২খন ইউক্ৰেইনৰ ড্ৰোন ধ্বংস কৰিছে । ইউক্ৰেইনৰ সংবাদ মাধ্যমে দাবী কৰিছে যে যোৱা নিশা ৰাছিয়াৰ ৰষ্টভত দুটা তেল ডিপোতো অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডও ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ বাবে সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।
কাজান চহৰ ৰাছিয়াৰ অৰ্থনৈতিক শক্তিক্ষেত্ৰ-
বিগত অক্টোবৰ মাহত ব্ৰিকছ সন্মিলনৰ বাবে সমগ্ৰ বিশ্বতে বাতৰিৰ শিৰোনাম দখল কৰিছিল কাজান চহৰে । কাজানত ৰাছিয়াই আয়োজন কৰিছিল ব্ৰিকছ সন্মিলন । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সেই ব্ৰিকছ সন্মিলনত অংশ লৈছিল । ৰাছিয়াৰ ইতিহাসত কাজানৰ গুৰুত্বপূৰ্ণ স্থান আছে আৰু ৰাছিয়াৰ উদ্যোগ, সংস্কৃতি আৰু ধৰ্মৰ এক প্ৰধান কেন্দ্ৰ । ইয়াক ৰাছিয়াৰ তৃতীয় ৰাজধানী বা ক্ৰীড়া ৰাজধানী বুলিও কোৱা হয় । ৰাছিয়াই কাজানত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠান আয়োজন কৰিছে । অৰ্থনৈতিকভাৱে কাজান এক শক্তিশালী স্থান । ৰাছিয়াৰ প্ৰধান ট্ৰাক নিৰ্মাতা কোম্পানী KAMAZ য়ে যাত্ৰীবাহী বিমান আৰু হেলিকপ্টাৰ উৎপাদনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কাজানৰ অভিযান্ত্ৰিক, বস্ত্ৰশিল্প আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ যথেষ্ট সমৃদ্ধিশালী ।