দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ বিৰুদ্ধে জয়লাভৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে ৯ মে’ত অনুষ্ঠিত হ’বলগীয়া উদযাপনত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছে । উপ-বিদেশ মন্ত্ৰী আন্দ্ৰে ৰুডেংকোৱে এই তথ্য দিছে । ইফালে মস্কোৱে আশা কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৯ মে’ৰ পেৰেডত অংশগ্ৰহণ কৰিব । উপ-বিদেশ মন্ত্ৰীৰ উদ্ধৃতি দি ৰাছিয়াৰ এটা সংবাদ সংস্থাই কয় যে ইতিমধ্যে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু এই ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে ।
বহু বন্ধুত্বপূৰ্ণ দেশৰ নেতালৈ নিমন্ত্ৰণ-
মঙলবাৰে এণ্ড্ৰি ৰুডেংকোৱে কয় যে ‘ইয়াৰ ওপৰত কাম চলি আছে, এয়া এই বছৰত হ’ব লাগে । তেওঁলোকে নিমন্ত্ৰণ লাভ কৰিছে ।‘ ৰাছিয়াই এইবাৰৰ বিজয় দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ কেইবাখনো বন্ধুত্বপূৰ্ণ দেশৰ নেতাকো আমন্ত্ৰণ জনাইছে । ১৯৪৫ চনৰ জানুৱাৰী মাহত ছোভিয়েট সেনাই জাৰ্মানীৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰে । ৯ মে’ত কমাণ্ডাৰ ইন চিফে জাৰ্মানীৰ নিঃচৰ্ত আত্মসমৰ্পণৰ আইনত স্বাক্ষৰ কৰি যুদ্ধৰ অন্ত পেলায় ।
২০২৪ চনৰ জুলাইত ৰাছিয়া ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে-
প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ চনৰ জুলাই মাহত ৰাছিয়া ভ্ৰমণ কৰিছিল, যিটো প্ৰায় পাঁচ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ৰাছিয়া ভ্ৰমণ আছিল । ২০১৯ চনত তেওঁ ভ্লাডিভষ্টক চহৰ ভ্ৰমণ কৰি অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰিছিল । বিগত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল । ইতিমধ্যে ভাৰত ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণ মানি লৈছে পুটিনে ।
ভ্ৰমণৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই-
অৱশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই । পুটিন আৰু মোদীয়ে নিয়মীয়া যোগাযোগ বজাই ৰাখে, দুমাহৰ মূৰে মূৰে এবাৰ টেলিফোনযোগে বাৰ্তালাপ কৰে । বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ সময়ত দুয়োগৰাকী নেতাই ব্যক্তিগতভাৱেও সাক্ষাৎ কৰে ।