ৰবাব টেঙা সকলোৱে খাই ভাল পায়। এই সময়ত বজাৰত উপলব্ধ হয় ৰবাব টেঙা। এই ফলবিধ যিমানেই সোৱাদযুক্ত সিমানেই পুষ্টিকৰো হয়। জাৰৰ দিনত ৰ’দলৈ এই ৰবাব টেঙা খোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম চিটৰাছ মেক্সিমা (Citrus maxima)৷ এই ফলবিধ আমাৰ শৰীৰৰ বাবে বহু উপকাৰী।
ৰবাব টেঙা ভিটামিন C, এণ্টিঅক্সিডেণ্ট আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, হজম স্বাস্থ্য উন্নত কৰা, আৰু শৰীৰৰ ওজন বজাই ৰখাত ৰবাব টেঙায়ে সহায় কৰিব পাৰে। জানো আহকচোন ৰবাব টেঙাৰ কি কি উপকাৰী গুণ আছে।
ৰবাব টেঙাৰ উপকাৰিতা
১. ইয়াত প্ৰচুৰ পৰিমানে ভিটামিনC থাকে। ভিটামিনCয়ে আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। ফলত কাহ, জ্বৰ আদি সমস্যাৰ পৰা হাত হাৰিব পৰা যায়। লগতে ই ছালৰ সৌন্দৰ্যও বৃদ্ধি কৰাত সহায় কৰে।
২. ৰক্তহীনতা বা এনিমিয়া ৰোগত ৰবাব টেঙা খালে যথেষ্ট উপকাৰ লাভ কৰা যায়।
৩. অকালতে পৰা বয়সৰ চাপ কম কৰাতো ৰবাব টেঙাই সহায় কৰে।ই একপ্ৰকাৰৰ শৰীৰৰ শোধনা(BODY DETOX) কৰে। ৰবাব টেঙাত থকা এন্টিঅক্সিডেন্টে অকালতে অহা বয়সৰ চাপ ৰোধ কৰে।
৪. দাঁতৰ সুস্বাস্থ্যৰ বাবেও উপকাৰী ৰবাব টেঙা। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত ৰবাব টেঙা খালে সুফল পোৱা যায়।
৫. ৰবাব টেঙাৰ ৰসে খাদ্য হজম হোৱাত সহায় কৰে। গতিকে আপুনিও যদি হজমৰ সমস্যাত ভুগিছে, তেন্তে আপুনিও গ্ৰহণ কৰিব পাৰে ৰবাব টেঙাৰ ৰস।
৬.মূত্ৰজনন (diuretic) হোৱাৰ বাবে প্ৰস্ৰাৱৰ বেক্টেৰিয়াজনিত সংক্ৰমণ বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা আদি বিভিন্ন সমস্যাত উপকাৰী
৭. সৰু ল’ৰা-ছোৱালীৰ কৃমি পেলুৰ সমস্যাত ৰবাব টেঙা খুৱালে সুফল পোৱা যায়