ভাৰতৰ অন্যতম কিংবদন্তী উদ্যোগপতি ৰতন টাটাৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ জোৱাৰ সৃষ্টি হৈছে । বুধবাৰে নিশা মুম্বাইত মৃত্য হয় ৰতন টাটাৰ । সমাজ সেৱাৰ প্ৰতি তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতিৰ লগতে এজন উদ্যোগপতি হোৱাৰ বাবে জনাজাত ৰতন টাটাৰ মৃত্যু সমগ্ৰ দেশৰ বাবে এক অপূৰণীয় ক্ষতি ।
বিশ্বৰ অন্যতম জনপ্ৰিয় পাঞ্জাৱী গায়ক দিলজিৎ দোচাঞ্জে বুধবাৰে জাৰ্মানীত প্ৰদৰ্শন কৰি আছিল তেওঁৰ সংগীতানুষ্ঠান । অনুষ্ঠানৰ মাজতেই তেওঁ ৰতন টাটাৰ মৃত্যুৰ খবৰ পাইছিল । ইয়াৰ পিছতেই দোচাঞ্জে তেওঁৰ সংগীতানুষ্ঠান মাজতে বন্ধ কৰে আৰু ৰতন টাটাক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ বিষয়ে বক্তব্য ৰাখে ।
দিলজিতে সকলোকে ৰতন টাটাৰ জীৱনৰ পৰা অনুপ্ৰেৰণা ল’বলৈ কয়-
শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সংগীতানুষ্ঠানটো বন্ধ কৰি দিলজিতে কয়, “আপোনালোক সকলোৱে ৰতন টাটাৰ বিষয়ে জানে । তেওঁৰ মৃত্যু হৈছে । আমাৰ তৰফৰ পৰা তেওঁলৈ এটা শ্ৰদ্ধাঞ্জলি জনাইছো । মই আজি তেওঁৰ নাম লোৱাটো প্ৰয়োজনীয় বুলি ভাবিছো কাৰণ তেওঁ সদায় জীৱনত কঠোৰ পৰিশ্ৰম কৰিছিল ।”
ৰতন টাটাৰ জীৱনক অনুপ্ৰেৰণা হিচাপে অভিহিত কৰি দিলজিতে আৰু কয়, ‘আজিলৈকে মই তেওঁৰ বিষয়ে যিমানে পঢ়িছিলো আৰু শুনিছিলো, মই কেতিয়াও পোৱা নাই যে তেওঁ কাৰো বিষয়ে বেয়াকৈ কৈছে । তেওঁৰ জীৱনত, তেওঁ সদায় কঠোৰ পৰিশ্ৰম কৰিছিল, ভাল কাম কৰিছিল…এয়াই জীৱন । আজি, যদি আমি তেওঁৰ জীৱনৰ পৰা কিবা শিকিব পাৰোঁ, তেন্তে আমি কেৱল শিকিব পাৰোঁ যে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, ভালকৈ চিন্তা কৰিব লাগিব, কাৰোবাৰ বাবে উপযোগী হ’ব লাগিব আৰু আমাৰ জীৱনটো নিৰ্দোষভাৱে কটাব লাগিব আৰু ইয়াৰ পৰা আঁতৰি যাব লাগিব ।’
উল্লেখ্য যে, বৰ্তমান দিলজিতৰ তেওঁৰ ‘দিল-লুমিনাটি’ বিশ্ব ভ্ৰমণত আছে । তেওঁ এই ভ্ৰমণৰ সন্দৰ্ভত বৰ্তমান জাৰ্মানীত আছে । এই ভ্ৰমণৰ বাবে, তেওঁ শীঘ্ৰেই লণ্ডন আৰু তাৰ পিছত ভাৰতত বিভিন্ন স্থানত সংগীত অনুষ্ঠান প্ৰদৰ্শন কৰিব ।