বিমানত ধাৰাবাহিকভাৱে অহা বোমাৰ ভাবুকি সন্দৰ্ভত কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে । চৰকাৰে ধাৰাবাহিকভাৱে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি বিভিন্ন বিভাগৰ পৰা তথ্য গ্ৰহণ কৰি আছে । সূত্ৰ অনুসৰি পুনৰ গৃহ মন্ত্ৰালয়ে একেধৰণৰ বৈঠক আহ্বান কৰে, য’ত গৃহ সচিবে চি আই এছ এফৰ ডিজি আৰু বি চি এ এছৰ ডিজিৰ পৰা বিমানসমূহলৈ অহা ভাবুকি সন্দৰ্ভত বিতং তথ্য গ্ৰহণ কৰে ।
সূত্ৰসমূহে জনোৱা মতে, বৈঠকত বি চি এছ আৰু চি আই এছ এফৰ ডিজিয়ে এতিয়ালৈকে হোৱা তদন্তৰ সবিশেষ প্ৰদান কৰে । দৰাচলতে যোৱা ডেৰ সপ্তাহৰ ভিতৰত বিভিন্ন বিমান সংস্থাই কেইবা ডজনো ভাবুকিৰ লাভ কৰিছে । বেছিভাগ ভাবুকিমূলক ফোন আহিছিল বহিঃৰাষ্ট্ৰৰ পৰা । চৰকাৰৰ সকলো সংস্থাই ইটোৱে সিটোৰ সমন্বয়ত অহৰহ কাম কৰি আছে যদিও বৰ্তমান সময়ত বিমান সেৱাত ভাবুকি অহা বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই । এই সন্দৰ্ভত চৰকাৰৰ দ্বাৰা অবিৰতভাৱে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ আছে আৰু তথ্য সংগ্ৰহ কৰা হৈছে ।
ধাৰাবাহিকভাৱে অহা ভাবুকিৰ মাজতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কয় যে বিমান কোম্পানীসমূহলৈ প্ৰৱঞ্চনামূলক ফোন কৰাটো এতিয়া চিনাক্তকৰণযোগ্য অপৰাধ হিচাপে শ্ৰেণীভুক্ত কৰা হ’ব । কিছুদিন ধৰি বহু বিমান কোম্পানীলৈ এনে ভুৱা ফোন কল কৰি বিমানখনত বোমা স্থাপন কৰাৰ ভাবুকি দিয়াৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
অপৰাধীক ন’ ফ্লাইং তালিকাত স্থান দিয়া হ’ব-
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে আৰু কয়, “আমি এই সিদ্ধান্তত উপনীত হ’লোঁ যে আমি এনেধৰণৰ গোচৰ ৰোধৰ বাবে দুটা কথাত কাম কৰিব পাৰো । প্ৰথম – বিমান সুৰক্ষাৰ নিয়মৰ সংশোধন, এই নিয়মত সালসলনি কৰি আমি এটা ব্যৱস্থা কৰিম যে এবাৰ যদি কোনোবাই এই কাম কৰি ধৰা পৰে, আমি তেওঁক ন’-ফ্লাইং তালিকাত স্থান দিম আৰু আইনৰ বিধানৰ অধীনতো ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।”
শেহতীয়া মাহবোৰত, বিমানত বোমা ৰখাৰ ভাবুকি দ্ৰুতগতিত বৃদ্ধি পাইছে । যোৱা ৬ দিনত, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানত প্ৰায় ৭০ টা ভুৱা বোমা কল পোৱা হৈছে । কেৱল শনিবাৰে, ৩০ খনতকৈও অধিক বিমানে বোমাৰ ভাবুকি লাভ কৰিছিল ।