পানীৰ তলত পুৰণি জাহাজ, যুদ্ধ জাহাজ আৰু চাবমেৰিনৰ সন্ধান কৰা এটা দলে ৮১ বছৰ পুৰণি এক ৰহস্য উদ্ঘাটন কৰিছে । ১৯৪৩ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰহস্যজনক ভাৱে নিৰুদ্দেশ হোৱা এইচ এম এছ ট্ৰুপাৰ নামৰ চাবমেৰিনখন গ্ৰীচৰ কালামোচ দ্বীপৰ ওচৰৰ এজিয়ান সাগৰত ৭৭০ ফুট গভীৰতাত উদ্ধাৰ কৰা হৈছে ।
এইচ এম এছ ট্ৰুপাৰ, যাক এন৯১ বুলিও জনা যায়, ১৯৪৩ চনৰ অক্টোবৰত এক গোপন অভিযানৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল । উদ্দেশ্য আছিল কালামোচ দ্বীপলৈ তিনিজন গ্ৰীক প্ৰতিৰোধী এজেণ্টক লৈ যোৱা । সেই সময়ত, চাবমেৰিনখনলৈ এজিয়ান সাগৰত টহল দিয়াৰ নিৰ্দেশ আহিছিল । অৱশ্যে, তেওঁলোক অজ্ঞাত আছিল যে জাৰ্মান বাহিনীয়ে সাগৰত পানীৰ তলৰ মাইন স্থাপন কৰিছিল ।
১৯৪৩ চনৰ ১৭ অক্টোবৰত ৬৪ জন সৈন্যৰ সৈতে এই চাবমেৰিনখন ৰহস্যজনকভাৱে নিৰুদ্দেশ হয় । গ্ৰীচৰ আণ্ডাৰ ৱাটাৰ এক্সপাৰ্ট কষ্টাছ থোটেৰাইডছৰ দলে ইয়াক বিচাৰি পাইছে । চাবমেৰিনখন এজিয়ান দ্বীপৰ উত্তৰে থকা ইকেৰিয়ান সাগৰত আৱিষ্কাৰ কৰা হৈছে । এই সাগৰ বেয়া বতৰ আৰু তীব্ৰ বতাহৰ বাবে জনাজাত বুলিও কষ্টাছে প্ৰকাশ কৰিছে ।
১৪টা বিফল প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ-
কষ্টাছে কয় যে ইকেৰিয়ান সাগৰৰ ভিতৰত সামুদ্ৰিক ঢৌ অতি বেগেৰে গতি কৰে । অৰ্থাৎ পানীৰ তলৰ সোঁত তীব্ৰ বেগেৰে গতি কৰে । এইবোৰ সাৱধানে নেভিগেট কৰাটো অতি কঠিন । কষ্টাছ হৈছে গ্ৰীচৰ আণ্ডাৰ ৱাটাৰ ৰিকভাৰী কোম্পানী প্লেনেট ব্লুৰ মালিক । ইয়াৰ পূৰ্বে তেওঁৰ দলটোৱে এই চাবমেৰিনখন বিচাৰি উলিওৱাৰ বাবে ১৪টা চেষ্টা কৰিছিল যদিও বিফল হৈছিল ।
২০২৪ চনৰ ৩ অক্টোবৰত উদ্ধাৰ কৰা হৈছিল চাবমেৰিনখন-
কষ্টাছ আৰু তেওঁৰ দলটোৱে দ্বিতীয় বিশ্বযুদ্ধৰ নথি-পত্ৰ পৰীক্ষা কৰিছিল । তাৰ পিছত তেওঁলোকে ট্ৰুপাৰৰ শেষ লোকেশ্যনৰ বিষয়ে জানিব পাৰে । যাৰ তথ্য নথি-পত্ৰত উল্লেখ আছে । ইয়াৰ পিছত অনুসন্ধান আৰম্ভ হ’ল । তেওঁৰ দলটোৱে ২০২৪ চনৰ ৩ অক্টোবৰত এই চাবমেৰিনখন পাই । প্ৰথমে ছ’নাৰেৰে ছাবমেৰিনখন বিচাৰে । তাৰ পিছত সাগৰৰ তলৰ অংশৰ মানচিত্ৰ বনায় ।
ৰব’ বাহনে নিৰ্মাণ কৰা ভিডিঅ’ৰ তদন্ত-
ইয়াৰ পিছত কষ্টাছে ৰিমটৰ দ্বাৰা চলোৱা বাহন ছুপাৰ একিলক সাগৰৰ গভীৰতালৈ পঠাই । তেতিয়া সাগৰৰ পৰা ৭৭০ ফুট তলত এই চাবমেৰিনখন আৱিস্কাৰ কৰা হয় । প্লেনেট ব্লুৱে এতিয়ালৈকে যুদ্ধত ডুব যোৱা ৮খন চাবমেৰিন আৱিষ্কাৰ কৰিছে । বিশেষকৈ গ্ৰীচৰ আশে-পাশে থকা সাগৰবোৰত ।
বিশাল বিস্ফোৰণৰ ফলত ছাবমেৰিনখন তিনিটা খণ্ডত ভাঙি যায়-
অনুসন্ধানত প্ৰকাশ পাইছে যে এক বৃহৎ বিস্ফোৰণৰ বাবে ছাবমেৰিনখন তিনিটা ডাঙৰ টুকুৰাত ভাঙি যায় । জাৰ্মানীয়ে স্থাপন কৰা ৱাটাৰ মাইনৰ ফলত এই বিস্ফোৰণ ঘটিছিল । তদন্তত এই কথাও পোহৰলৈ আহিছে যে ছাবমেৰিনখনে মাইনত খুন্দা মাৰে । ফলত বিস্ফোৰণ ঘটি চাবমেৰিনখন ডুব যায় ।