বৃদ্ধি পাব ভাৰতৰ সামুদ্ৰিক শক্তি, নৌসেনাই লাভ কৰিব এই বিশেষ চাবমেৰিন

পুনৰ বৃদ্ধি পাব ভাৰতৰ সামুদ্ৰিক শক্তি । নৌসেনাই শীঘ্ৰেই লাভ কৰিব পাৰমাণৱিক শক্তি সম্পন্ন এই চাবমেৰিন ।

ভাৰতে অতি সোনকালে লাভ কৰিব আন এখন থলুৱাভাৱে নিৰ্মিত পাৰমাণৱিক শক্তি সম্পন্ন চাবমেৰিন আই এন এছ আৰিধমন । দেশৰ তৃতীয়খন থলুৱাভাৱে নিৰ্মিত পাৰমাণৱিক শক্তি চালিত বেলিষ্টিক মিছাইল চাবমেৰিনখন শীঘ্ৰেই নৌসেনাত অন্তৰ্ভুক্ত হ’ব ।

নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীয়ে মঙলবাৰে এই কথা ঘোষণা কৰি কয় যে এই পদক্ষেপে ভাৰতৰ সামুদ্ৰিক শক্তি আৰু অধিক বৃদ্ধি কৰিব । ২০২৯ চনৰ ভিতৰত নৌসেনাই প্ৰথম চাৰিখন ৰাফেল শ্ৰেণীৰ বিমান লাভ কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয় । ৪ ডিচেম্বৰৰ নৌসেনা দিৱসৰ পূৰ্বে বাৰ্ষিক প্ৰেছ ব্রিফিঙত তেওঁ কয় যে আই এন এছ আৰিধমনৰ বৰ্তমান পৰীক্ষা চলি আছে ।

পানীৰ তলত প্ৰতি ঘণ্টাত প্ৰায় ৪৪ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিব পৰা আৰিধমনক ধৰা পেলোৱাটো অত্যন্ত কঠিন । কে-১৫ আৰু কে-৪ৰ দৰে মাৰাত্মক বেলিষ্টিক মিছাইলেৰে সজ্জিত আৰিধমনৰ এই অন্তৰ্ভূক্তৰ পাছত প্ৰথমবাৰৰ বাবে নৌসেনাৰ হাতত একেলগে তিনিখন সক্ৰিয় পাৰমাণৱিক শক্তি চালিত বেলিষ্টিক মিছাইল চাবমেৰিন থাকিব । আৰিধমন অথবা “শত্ৰু ধ্বংসকাৰী” চাবমেৰিনখনে ভাৰতৰ পাৰমাণৱিক প্ৰতিৰোধ আৰু আক্ৰমণৰ ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰিব ।

ৰাফেলক বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ পিছত নৌসেনাই ২৬খন ৰাফেল বিমানৰ বাবেও প্ৰায় ৬৩,০০০ কোটিৰ চুক্তিত স্বাক্ষৰ কৰে । ইয়াৰে ২২খন একক আসনৰ আৰু ৪খন হ’ব টুইন আসনৰ প্ৰশিক্ষক বিমান । এই বিস্তৃত চুক্তিত প্ৰশিক্ষণ, চিমুলেটৰ, আনুষংগিক সঁজুলি, অস্ত্ৰ-শস্ত্ৰ আৰু পাঁচ বছৰৰ বাবে লজিষ্টিক সমৰ্থন পেকেজ অন্তৰ্ভুক্ত হৈছে । ৰাফেল বিমানৰ এই নৌসেনাৰ সংস্কৰণটো বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত আৰু আই এন এছ বিক্ৰমাদিত্যত নিয়োগ কৰা হ’ব । ২০২৯ চনৰ ভিতৰত ৰাফেল শ্ৰেণীৰ সকলো বিমান নৌসেনাৰ সৈতে সেৱাত যোগ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আন এক বৃহৎ সফলতা