মঙলবাৰে এক প্ৰবল ভূমিকম্পই জোঁকাৰি যায় তিব্বতক । এই ভয়াবহ ভূমিকম্পত ৯৫ জন লোকৰ মৃত্যু হয় । আনহাতে ১৩০ জন লোক আহত হৈছে । চীন ভূমিকম্প নেটৱৰ্ক চেণ্টাৰ (CENC)ৰ তথ্য অনুসৰি মঙলবাৰে পুৱা ৯:০৫ বজাত সংঘটিত হোৱা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৬.৮ ।
চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি তিব্বতৰ ছিজাং চহৰৰ ডিংৰি কাউন্টিত ৬.৮ প্ৰাবল্যৰ ভূমিকম্পত ৯৫ জন লোকৰ মৃত্যু হৈছে । ১৩০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । ১০ কিলোমিটাৰ গভীৰতাত ২৮.৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৮৭.৪৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত ভূমিকম্পৰ কেন্দ্ৰবিন্দু ।
ইয়াৰ পূৰ্বে নেশ্যনেল চিছম’লজিয়ে জনাইছিল যে মঙলবাৰে পুৱাৰে পৰা তিব্বত অঞ্চলৰ ছিজাঙত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে । ইয়াত পুৱা ৬:৩০ বজাত ১০ কিলোমিটাৰ গভীৰতাত ৭.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় । ইয়াৰ পিছতে ৭:০২ বজাত ৪.৭, ০৭:০৭ বজাত ৪.৯ আৰু ৭:১৩ বজাত ৫ প্ৰাবল্যৰ ভূমিকম্প হয় । ইয়াৰ বাবে মানুহে ঘৰ-বাৰী এৰি মুকলি ঠাইৰ ফালে আগবাঢ়িছিল ।
ভাৰততো কম্পন অনুভৱ হয়-
ভাৰতৰ বহু ৰাজ্যতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয় । এই কম্পনত বিহাৰ আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল । ইয়াৰ উপৰিও অসম, ছিকিম আৰু পশ্চিম বংগৰ কিছু অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভূত হয় । এই সময়ছোৱাত ভয়ত বিতত জনসাধাৰণ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে । ইউ এছ জি এছৰ ভূমিকম্পমাপকৰ তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল লোবুচেৰ পৰা ৯৩ কিলোমিটাৰ উত্তৰ-পূবে ।