দেওবাৰ অৰ্থাৎ ৮ ডিচেম্বৰ ভাৰতীয় ক্ৰিকেটৰ বাবে অতি দুখজনক দিন । ক্ৰিকেট অনুৰাগীয়ে ইতিহাসত এনেকুৱা দিন খুব কমেইহে দেখা পাইছে । কিন্তু ৮ ডিচেম্বৰত যিয়েই নহওক কিয়, ভাৰতীয় অনুৰাগীয়ে ভৱিষ্যতে কেতিয়াও মনত ৰাখিব নিবিচাৰিব । এই এদিনতে মাত্ৰ ৬ ঘণ্টাৰ ভিতৰতে ভাৰতীয় দলটোৱে ৩খন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।
এই সময়ছোৱাত এখন মেচ হৈছে, যাৰ বাবে ভাৰতীয় দলটোৱে এটা ডাঙৰ খিতাপ জয়ৰ পৰা বঞ্চিত হৈছে । উল্লেখ্য যে এই ৩ খন মেচ পৰাজয়ৰ ভিতৰত ভাৰতীয় ছিনিয়ৰ টেষ্ট দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে ।
দ্বিতীয়তে এদিনীয়াত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় মহিলা দল । অষ্ট্ৰেলিয়াৰ মহিলা দলে ঘৰৰ মাটিত পৰাস্ত কৰিছে হৰমনপ্ৰীত বাহিনীক । এই সকলোবোৰৰ মাজতে ১৯ বছৰ অনুৰ্ধ পুৰুষ এছিয়া কাপৰ ফাইনেলত ভাৰতীয় দলটোৱে দিনটোৰ তৃতীয় আৰু সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হৈছে । এই মেচত বাংলাদেশৰ দৰে দুৰ্বল দলে তেওঁলোকক পৰাস্ত কৰি খিতাপ দখল কৰিছে ।
এডিলেইড টেষ্টত ১০ উইকেটত পৰাস্ত ভাৰতীয় দল-
দেওবাৰৰ পৰাজয়ৰ প্ৰথম আৰম্ভণি কৰে ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা ভাৰতীয় টেষ্ট দলটোৱে । এডিলেইডত অনুষ্ঠিত হোৱা পিংক বল টেষ্টত অষ্ট্ৰেলিয়াৰ দলটোৱে উজ্জ্বল খেল প্ৰদৰ্শন কৰে । আঢ়ৈ দিনত ভাৰতীয় দলটোক ১০ উইকেটত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই ।
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ভাৰতীয় দল আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫খন খেলৰ টেষ্ট শৃংখলা অনুষ্ঠিত হৈছে । দ্বিতীয়খন টেষ্টত জয়লাভ কৰি কেংগাৰু দলটোৱে শৃংখলাটো ১-১ ব্যৱধানত সমতা স্থাপন কৰিছে । এতিয়া ১৪ ডিচেম্বৰৰ পৰা ব্রিছবেনত দুয়োটা দলৰ মাজত তৃতীয়খন টেষ্ট অনুষ্ঠিত হ’ব ৷
ব্রিজবেন এদিনীয়াত পৰাস্ত ভাৰতীয় মহিলা দল-
দ্বিতীয় টেষ্টত পৰাজয়ৰ কিছু সময়ৰ পিছতে পিছত ভাৰতীয় অনুৰাগীসকলে লাভ কৰে আন এক দুঃখবৰ । হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় মহিলা দলটোৱে ব্রিছবেনত অষ্ট্ৰেলিয়াৰ হাতত মৰ্মান্তিক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াই ব্রিছবেন এদিনীয়াত ভাৰতীয় মহিলা দলটোক ১২২ ৰানত পৰাস্ত কৰে ৷
ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ৮ উইকেটত ৩৭১ ৰান সংগ্ৰহ কৰে । এনে পৰিস্থিতিত ৩৭২ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে ৪৪.৫ অভাৰত ২৪৯ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় । এয়া ভাৰতৰ বিৰুদ্ধে মহিলা ক্ৰিকেটত এদিনীয়া যিকোনো দলৰ সৰ্বাধিক স্ক’ৰ । এই পৰাজয়ৰ লগে লগে ভাৰতে ৩ খনীয়া মেচৰ এদিনীয়া শৃংখলা হেৰুৱাইছে ।
১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপৰ খিতাপ জয়ৰ পৰা বঞ্চিত-
দেওবাৰে ১৯ বছৰ অনুৰ্ধ ক্ৰিকেটত সৰ্বাধিক দুখ পালে ভাৰতীয় অনুৰাগীয়ে । ইউ এ ইত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেল দেওবাৰে অনুষ্ঠিত হয়, য’ত ভাৰতীয় দল আৰু বাংলাদেশৰ মাজত এক ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতা দেখা যায় । ৫০-৫০ অভাৰৰ এই খেলখনত বাংলাদেশে ১৯৯ ৰানৰ লক্ষ্য স্থিৰ কৰি দিছিল ।
ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ৩৫.২ অভাৰত মাত্ৰ ১৩৯ ৰান সংগ্ৰহ কৰে আৰু মেচখনত ৫৯ ৰানত পৰাস্ত হয় । উল্লেখ্য যে বাংলাদেশে একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে । যোৱা ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি বাংলাদেশে এই খিতাপ দখল কৰিছিল । এইবাৰ আকৌ টিম ইণ্ডিয়াৰ সপোন ভাঙি যায় । ভাৰতীয় দলটোৱে ইয়াৰ পূৰ্বে ৮ বাৰকৈ এই ১৯ অনুৰ্ধ এছিয়া কাপ খিতাপ দখল কৰিছে ।