অহা ১৬-২১ নৱেম্বৰলৈ তিনিখন দেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই সময়ছোৱাত তেওঁ জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিললৈও যাব । মঙলবাৰে এই তথ্য প্ৰদান কৰিছে বৈদেশিক মন্ত্ৰালয়ে । জি-২০ সন্মিলনৰ সময়ত মোদীয়ে বহু নেতাক লগ পোৱাৰ সম্ভাৱনা আছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভাই আয়োজন কৰা জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ১৮-১৯ নৱেম্বৰত ৰিঅ’ ডি জেনেৰিঅ’ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে ।
জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিললৈ যাব প্ৰধানমন্ত্ৰী মোদী-
বিবৃতিটোত উল্লেখ কৰা হৈছে যে ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ লগতে জি-২০ “ট্ৰ’ইকা”ৰ অংশ আৰু জি-২০ সন্মিলনৰ আলোচনাত সক্ৰিয়ভাৱে অৰিহণা যোগাইছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “এই শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ত ভাৰতৰ স্থিতি আৰু বিগত দুবছৰত ভাৰতত আয়োজিত ‘জি-২০ নিউ দিল্লী লিডাৰ্ছ ডিক্লেয়াৰেশ্যন’ আৰু ‘ভইচ অৱ দ্য গ্লোবেল ছাউথ ছামিট’ৰ ফলাফলৰ বিষয়ে আলোচনা কৰিব ।
১৭ বছৰৰ পিছত নাইজেৰিয়ালৈ যোৱা প্ৰধানমন্ত্ৰী-
নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৬-১৭ নৱেম্বৰত নাইজেৰিয়া ভ্ৰমণ কৰিব । বিবৃতি অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ১৭ বছৰৰ পাছত এইটোৱেই হ’ব প্ৰথমবাৰৰ বাবে নাইজেৰিয়া ভ্ৰমণ । বিবৃতিটোত কোৱা হৈছে যে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু নাইজেৰিয়াৰ মাজত কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা কৰিব আৰু দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ সুযোগ সম্পৰ্কে আলোচনা কৰিব ।
১৯৬৮ চনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো গোয়ানা ভ্ৰমণ-
গোয়ানাৰ ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ আমন্ত্ৰণত ১৯-২১ নৱেম্বৰলৈ গোয়ানা ভ্ৰমণ কৰিব মোদীয়ে । বিবৃতিটোত কোৱা হৈছে যে গোয়ানাত থকাৰ সময়তে মোদীয়ে জৰ্জটাউনত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়টো কেৰিকম-ভাৰত শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু ইয়াক বৃদ্ধি কৰিবলৈ এই অঞ্চলৰ সৈতে ভাৰতৰ সম্পৰ্কক আৰু অধিক উজ্জ্বল কৰি তুলিব । কেৰিকমৰ সদস্য দেশৰ নেতাসকলৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব । উল্লেখ্য যে, গোয়ানাৰ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশই ভাৰতীয় । ঔপনিৱেশিক কালত ভাৰত আৰু গোয়ানা দুয়োখন ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ আছিল ।