সংগীতৰ মায়াজালেৰে কেইবাটাও প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰখা আৰু লাখ লাখ অনুৰাগীৰ নয়নৰ মণি জুবিন গাৰ্গৰ আজি ওপজা দিন।৫২টি সোণালী বসন্ত অতিক্ৰম কৰিলে যুৱপ্ৰজন্মৰ হাৰ্থথ্ৰব জুবিন গাৰ্গে ।আজি ৫৩ বছৰত ভৰি দিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।
মাজ নিশা ১২ বজাত অনুৰাগীৰ সৈতে কে’ক কাটি উদযাপন কৰিলে জন্মদিন। ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত পিতৃ মোহিনী. এম. বৰঠাকুৰ আৰু মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰৰ ঘৰত জন্ম হৈছিল জুবিন গাৰ্গৰ।
১৯৯২ চনত ‘অনামিকা’ৰ এলবামৰ জৰিয়তে অসমৰ সংগীত জগতলৈ ধুমুহা নমাই অনা শিল্পীগৰাকীয়ে বৰ্তমানলৈকে অসমীয়া, হিন্দী, বঙালীকে ধৰি বিভিন্ন ভাষা আৰু উপ-ভাষাত প্ৰায় ৯,০০০তকৈ অধিক গীত গাইছে। দাক্ষিণাত্যৰ একাধিক ভাষাতো শিল্পীগৰাকীয়ে কণ্ঠদান কৰিছে।
ইউকেলিপ্টাছ গছৰ দৰে ওখ হ’ব খোজা জুবিন গাৰ্গ, প্ৰতিজন অসমীয়াৰেই বুকুত শিপাই থকা এক সুৰীয়া সত্ত্বা৷অসমীয়া সংগীত জগতত জুবিন গাৰ্গ নামৰ এনে এটা কণ্ঠৰ আৱিৰ্ভাব হৈছিল যি কণ্ঠই সলাই পেলাইছিল অসমীয়া সংগীতৰ ধাৰা, পৰিভাষা, সকলো ধাৰণা।
সেই জুবিন গাৰ্গৰ জন্মদিনটো অতি হেঁপাহেৰে উদযাপন কৰিলে অনুৰাগী সকলে। ৫৩ সংখ্যক জন্মদিনটোত অসমবাসীৰ বাবে জুবিন গাৰ্গে দিলে এটা ভালখবৰ।জন্মদিন উপলক্ষ্যে ‘ৰৈ ৰৈ বিনালে’ শীৰ্ষক অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰাৰ কথা ব্যক্ত কৰে শিল্পী জুবিন গাৰ্গে।