দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন প্ৰযোজক আল্লু অৰবিন্দৰ পুত্ৰ আৰু বিখ্যাত তেলেগু অভিনেতা চিৰঞ্জীৱীৰ ভতিজা। দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে আজি ৪৩ সংখ্যক জন্মদিন উদযাপন কৰিছে।
পেন ইণ্ডিয়া তাৰকাগৰাকীৰ সমগ্ৰ বিশ্বতে বিপুল অনুৰাগী আছে। আল্লু অৰ্জুনে পুষ্প ২ ৰ জৰিয়তে যথেষ্ট সফলতা অৰ্জন কৰিছে।অভিনেতা গৰাকীয়ে নিজৰ জন্মদিনটোত প্ৰতিবছৰেই এক মহৎ কাম কৰে।
জন্মদিনটোত ৰক্তদান কৰা অভিনেতাসকলৰ ভিতৰত আল্লু অৰ্জুন অন্যতম। বহু ছবিত বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰকে ধৰি বহু বঁটা লাভ কৰিছে।
‘পুষ্পা’ অভিনেতাগৰাকীক ষ্টাইলিছ ষ্টাৰ বুলিও জনা যায়। ২০০৩ চনত অৰ্জুনে ‘গংগোত্ৰী’ ছবিত অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।
প্ৰতি বছৰে জন্মদিনত আল্লু অৰ্জুনে ৰক্তদান কৰাৰ লগতে ৰক্তদান শিবিৰৰো আয়োজন কৰে, য’ত তেওঁৰ অনুৰাগীসকলেও ৰক্তদান কৰিবলৈ আহে।
তেওঁ পৰিয়াল আৰু সন্তানৰ সৈতে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে আয়োজন কৰা বিভিন্ন বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।এই দিনটোক আৰু বিশেষ কৰি তুলিবলৈ তেওঁ ঘৰতে নিজৰ জন্মদিন পালন কৰে পৰিয়ালৰ সৈতে।
দক্ষিণৰ অন্যতম ধনী অভিনেতা সকলৰ মাজৰ এজন হৈছে আল্লু অৰ্জুন। অভিনেতাগৰাকীয়ে তেওঁৰ এখন ছবিৰ বাবে ১৫০ৰ পৰা ২০০ কোটি টকা লয়।
প্ৰথম অৱস্থাত অভিনেতাজনে এনিমেটৰ হিচাপে কাম কৰিছিল, যাৰ বাবে তেওঁ তিনি হাজাৰ টকা পাইছিল। আজি তেওঁৰ সম্পত্তি ৪৬০ কোটি টকা।