সোমবাৰে পি ডি পিৰ বিধায়ক ৱাহীদ পাৰাৰ প্ৰস্তাৱক লৈ জম্মু-কাশ্মীৰ বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ বিৰোধিতা কৰি পাৰাই প্ৰস্তাৱ আগবঢ়ায় । লগতে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা পুনৰ ঘূৰাই অনাৰ দাবী জনায় বিধায়গৰাকীয়ে ।
এই প্ৰস্তাৱত বিজেপি বিধায়কসকলে তীব্ৰ আপত্তি প্ৰকাশ কৰে । এই সময়ছোৱাত বিধানসভাত যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । ইয়াৰ পাছতে মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই কয় যে আজি এই প্রস্তাৱৰ কোনো গুৰুত্ব নাই ৷ এই প্ৰস্তাৱ কেৱল প্ৰচাৰ লাভৰ বাবেহে অনা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ।
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয়, “প্ৰথম দিন, প্ৰথম অধিৱেশন’, আমি জানিছিলোঁ যে সদস্যসকলে কেনেদৰে প্ৰস্তুতি চলাইছে । আমি আশা কৰিছিলোঁ যে আজি অধ্যক্ষৰ নিৰ্বাচন আৰু শোক বাৰ্তা দিয়া হ’ব, কিন্তু ইয়াৰ পৰিৱৰ্তে এতিয়া এনেদৰে আগবাঢ়িছে । জম্মু-কাশ্মীৰৰ বিধানসভাই ইয়াৰ জনসাধাৰণৰ আৱেগক প্ৰতিফলিত কৰে ।“
তেওঁ আৰু কয়, ‘সত্যটো হ’ল ২০১৯ চনৰ ৫ আগষ্টৰ সিদ্ধান্তক জম্মু-কাশ্মীৰৰ জনসাধাৰণে অনুমোদন দিয়া নাই । যদি প্ৰয়োগ কৰা হ’লহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেন । সদনত কেনেকৈ আলোচনা হ’ব, ব্যক্তিগত সদস্যই আগবাঢ়ি গৈ বিধেয়কত যি বিচাৰে আনিব পাৰে, কিন্তু এই অধিৱেশনত নহয়, এই কথা অধ্যক্ষৰ অনুমতি সাপেক্ষে চৰকাৰে সিদ্ধান্ত ল’ব । আজি যি প্ৰস্তাৱ অনা হৈছে সেয়া গুৰুত্বপূৰ্ণ নহয় । কেমেৰাক দেখুৱাৰ বাহিৰে আন কোনো উদ্দেশ্য নাই ।‘
বিধানসভাত কি ঘটিছিল ?
নেশ্যনেল কনফাৰেন্সৰ জ্যেষ্ঠ নেতা তথা সাতবাৰৰ বিধায়ক আব্দুল ৰহিম ৰাথেৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে পুলৱামাৰ বিধায়ক ৱাহিদ পাৰাই এই প্ৰস্তাৱ দাখিল কৰে ।
ইয়াত কোৱা হৈছে, “জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ আৱেগক মনত ৰাখি এই সদনে (জম্মু-কাশ্মীৰৰ) বিশেষ মৰ্যাদা বিলুপ্ত কৰাৰ বিৰোধিতা কৰিছে ।”
ইয়াৰ বিৰুদ্ধে বিজেপি বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰি ২৮ গৰাকীয়ে সদনত থিয় দিয়ে । বিজেপিৰ বিধায়ক শ্যাম লাল শৰ্মাই ৱাহিদ পাৰাৰ বিৰুদ্ধে বিধানসভাৰ নিয়ম উলংঘা কৰি এই প্ৰস্তাৱ অনাৰ অভিযোগ উত্থাপন কৰি নিলম্বনৰ দাবী জনায় ।
বিধানসভাৰ অধ্যক্ষই প্ৰতিবাদকাৰীসকলক নিজৰ আসনলৈ যাবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই তেওঁৰ মতামত দাঙি ধৰে ।