শনিবাৰে (২৯ মাৰ্চ, ২০২৫) চৌদি আৰৱত দেখা গৈছে ঈদৰ চন্দ্ৰ । এনে পৰিস্থিতিত ৩০ মাৰ্চত চৌদি আৰৱত এই উৎসৱ পালন কৰা হ’ব । ভাৰতত চৌদি আৰৱৰ এদিন পিছতে পালন কৰা হ’ব ঈদ-উল-ফিতৰ উৎসৱ । চন্দ্ৰ দৰ্শনৰ পিছত ছৌদি আৰবে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে দেওবাৰে ঈদ-উল-ফিতৰ উদযাপন কৰা হ’ব ।
ছৌদি আৰৱত প্ৰথম আৰম্ভণি হৈছিল ৰমজানৰ-
চৌদি আৰৱত ভাৰততকৈ এদিন আগতে অৰ্থাৎ ১ মাৰ্চৰ পৰা ৰমজান আৰম্ভ হৈছিল । এই বাবেই ভাৰতত ছৌদি আৰৱৰ এদিন পিছত ৩১ মাৰ্চত ঈদ উৎসৱ পালন কৰা হ’ব । প্ৰতিবাৰেই ভাৰতৰ এদিন আগতে চৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখা যায় । অৱশ্যে ঈদ কেতিয়া পালন কৰা হ’ব সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে চন্দ্ৰ দৰ্শনৰ ওপৰত ।
সমগ্ৰ দেশৰ বজাৰসমূহত বৃদ্ধি পাইছে ব্যস্ততা-
ৰমজান মাহৰ অন্ত পৰাৰ পিছত দশম মাহৰ শ্বাৱালৰ প্ৰথম তাৰিখত ঈদ পালন কৰা হয় । এই দিনটোত মানুহে ইজনে সিজনক ঈদ মুবাৰক তথা শুভেচ্ছা জনায়, ইদগাহত নামাজ পঢ়াৰ লগতে মিঠা চেৱৈৰ লগতে বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয় । সমগ্ৰ দেশৰ বজাৰসমূহত ইতিমধ্যে ব্যস্ততাৰ সৃষ্টি কৰিছে ঈদ-উল-ফিতৰে । বেকাৰী, মিঠাই, ৰেডিমেড গাৰ্মেণ্ট দোকানত মানুহৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে । দোকানসমূহত দেখা গৈছে ক্ৰেতাৰ দীঘলীয়া শাৰী ।
ঈদৰ দিনা এমাহ ৰোজা ৰখাৰ পিছত মানুহে গোটেই দিনটো খোৱা-বোৱা আৰম্ভ কৰে, মছজিদত বিশেষ নামাজ পঢ়া হয়, বয়োজ্যেষ্ঠসকলে সৰু ল’ৰা-ছোৱালীক ঈদি দিয়ে আৰু মানুহে ইজনে সিজনৰ ঘৰলৈ যায় । দিল্লী-মুম্বাইকে ধৰি দেশৰ বহু ৰাজ্যত শান্তিপূৰ্ণভাৱে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰাটো নিশ্চিত কৰাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।