২৮ মাৰ্চত ম্যানমাৰত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ পিছৰে পৰা ধাৰাবাহিকভাৱে কঁপি আছে ধৰিত্ৰী । দেশখনত প্ৰায় প্ৰতিদিনে ভূমিকম্প অনুভূত হৈছে । ইফালে দেওবাৰে পুৱা মধ্য ম্যানমাৰৰ এখন সৰু চহৰ মেইকটিলাৰ সমীপত ৫.৫ ৰিখটাৰৰ এক ভূমিকম্প অনুভূত হয় । ১৫ দিন পূৰ্বে মধ্য অঞ্চলত সংঘটিত হোৱা ৭.৭ প্ৰাবল্যৰ বিশাল ভূমিকম্পৰ ফলত দেশখন এতিয়াও কঁপি থকা অৱস্থাত এই ভূমিকম্পটো সংঘটিত হৈছে । ইয়াৰ মাজতে আজিও অব্যাহত আছে সাহায্য আৰু উদ্ধাৰৰ কাম । নিৰুদ্দেশ হোৱা লোকৰ সন্ধান অব্যাহত আছে । বহু ঠাইত ধ্বংসাৱশেষ সিঁচৰতি হৈ আছে ।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি শেহতীয়া ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালে আৰু ৰাজধানী নেইপিডাউৰ মাজত । যোৱা মাহত ইয়াত সংঘটিত হোৱা ভূমিকম্পত বিপুল ক্ষতিসাধন হৈছিল । হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল । এই ভূমিকম্পত বহু চৰকাৰী কাৰ্যালয়ৰ ক্ষতিসাধন হয় ।
মৃত্যুৰ সংখ্যাঃ ৩৬৪৯ জন, আহত ৫০১৮ জন-
২৮ মাৰ্চৰ ভূমিকম্পৰ পিছত হোৱা শ শ আফটাৰশ্বকৰ ভিতৰত এই ভূমিকম্পৰ ফলত কোনো বৃহৎ ক্ষতি বা ক্ষয়-ক্ষতিৰ কোনো খবৰ পোৱা হোৱা নাই । ম্যানমাৰৰ সামৰিক চৰকাৰৰ মুখপাত্ৰ মেজৰ জেনেৰেল জ’ মিন টুনে জনোৱা মতে, শুকুৰবাৰলৈকে ২৮ মাৰ্চৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬৪৯ হোৱাৰ বিপৰীতে ৫০১৮ জন লোক আহত হৈছে ।
২০ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্প-
ম্যানমাৰৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, দেওবাৰৰ ভূমিকম্প মাণ্ডেলেৰ পৰা ৯৭ কিলোমিটাৰ (৬০ মাইল) দক্ষিণে অৱস্থিত ৱুণ্ডউইন টাউনশ্বিপৰ অঞ্চলত ২০ কিলোমিটাৰ (১২ মাইল) গভীৰতাত সংঘটিত হয় । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে ইয়াৰ গভীৰতা ৭.৭ কিলোমিটাৰ (৪.৮ মাইল) বুলি অনুমান কৰিছে । ৱুণ্ডউইনৰ জনতাই জনাইছিল যে ভূমিকম্প ইমানেই শক্তিশালী আছিল যে মানুহ অট্টালিকাৰ পৰা ওলাই আহিছিল । কিছুমান ঘৰৰো ক্ষতিসাধন হয় ।
বৰ্তমানৰ মানৱীয় সংকট আৰু বেছি বেয়া হৈ পৰিল-
যোৱা সপ্তাহত ৰাষ্ট্ৰসংঘই সকীয়াই দিছিল যে ২৮ মাৰ্চৰ ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ ফলত ম্যানমাৰত বৰ্তমানৰ মানৱীয় সংকট আৰু অধিক ভয়াৱহ হ’ব । বৰ্তমান ম্যানমাৰে গৃহযুদ্ধৰ সৈতে যুঁজি আছে । ইয়াৰ বাবে ইতিমধ্যে ইয়াৰ পৰা ৩০ লাখৰো অধিক লোক স্থানচ্যুত হৈছে । ভূমিকম্পৰ ফলত কৃষি উৎপাদনত বেয়াকৈ প্ৰভাৱ পৰিছে । ম্যানমাৰত স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে, বহু চিকিৎসা সুবিধা ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছে ।