১৫ সংখ্যক বাৰৰ বাবে ইৰানী কাপত জয়লাভ কৰিছে মুম্বাইয়ে । লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়ামত মুম্বাই আৰু ৰেষ্ট অৱ ইণ্ডিয়াৰ মাজত খেলা মেচখন ড্ৰ’ত সমাপ্ত হয় । এনে পৰিস্থিতিত প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ভিত্তিত মুম্বাই চেম্পিয়ন হ’বলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে মুম্বাইয়ে ১৯৯৭ চনত ইৰানী কাপ জয় কৰিছিল । অৰ্থাৎ ২৭ বছৰৰ বহু অপেক্ষাৰ অন্তত পুনৰ এই খিতাপ দখল কৰাত মুম্বাই সফল হ’ল । মুম্বাইৰ নেতৃত্বত আছিল অজিংক্য ৰাহানে আনহাতে ৰেষ্ট অৱ ইণ্ডিয়া দলৰ অধিনায়ক আছিল ৰুতুৰাজ গাইকোৱাড ।
প্ৰথম ইনিংছত দ্বিশতক অৰ্জন কৰা চৰফৰাজ খানক ‘প্লেয়াৰ অফ দ্য মেচ’ হিচাপে বিবেচিত কৰা হয় । ইৰাণী কাপত, ৰঞ্জী চেম্পিয়নসকলে ৰেষ্ট অৱ ইণ্ডিয়াৰ মুখামুখি হয় । মুম্বাইয়ে ৰঞ্জী ট্ৰফীৰ অন্তিম ছিজনত বিজয়ী হৈছিল । ৰেষ্ট অৱ ইণ্ডিয়াই ৩০ বাৰ ইৰাণী কাপত চেম্পিয়ন হৈছে, আনহাতে মুম্বাইৰ দল দ্বিতীয় স্থানত আছে ।
খেলৰ পঞ্চম দিনা (৫ অক্টোবৰ) মুম্বাইৰ স্ক’ৰ আছিল দ্বিতীয় ইনিংছত আঠ উইকেটৰ বিনিময়ত ৩২৯ ৰাণ, যাৰ পিছত দুয়োটা দলে খেলখন সমাপ্ত কৰাৰ সিদ্ধান্ত লয় । মুম্বাইৰ হৈ দ্বিতীয় ইনিংছত তনুশ কোটিয়ানে ১৫০ টা বলৰ সন্মুখীন হয় আৰু ১১৪ ৰাণত অপৰাজিত হৈ থাকে, য’ত ১০ টা চাৰিৰ উপৰিও এটা ছয় অন্তৰ্ভুক্ত আছিল । পৃথ্বী শ্ব’য়ে (৭৬ ৰাণ) আৰু মোহিত অৱস্থীয়ে (অপৰাজিত ৫১ ৰাণ) অৰ্ধশতকীয় ইনিংছ খেলে । অৱশ্যে প্ৰথম ইনিংছত বৃহৎ অগ্ৰগতি লাভ কৰা মুম্বাই দলে এসময়ত ১৭১ ৰাণত ৮ টা উইকেট হেৰুৱাই বেকফুটলৈ গৈছিল । এনে পৰিস্থিতিত তনুশ কোটিয়ান আৰু মোহিত অৱস্থীয়ে নৱম উইকেটত অপৰাজিত ১৫৮ ৰাণৰ অংশীদাৰীত্ব কৰে আৰু মুম্বাইক সুৰক্ষিত ৰাখে ।
উল্লেখ্য যে মুম্বাইয়ে তেওঁলোকৰ প্ৰথম ইনিংছত ৫৩৭ ৰাণ সংগ্ৰহ কৰিছিল । চৰফৰাজ খান ২২২ ৰাণত অপৰাজিত থাকে । চৰফৰাজে এই সময়ছোৱাত ২৮৬ টা বলৰ সন্মুখীন হৈ ২৫ টা চাৰিৰ উপৰিও চাৰিটা ছয় কোবাই । মুম্বাইৰ হৈ অধিনায়ক আজিংক্য ৰাহানে (৯৭ ৰাণ), তনুশ কোটিয়ান (৬৪ ৰাণ) আৰু শ্ৰেয়াছ আয়াৰে (৫৭ ৰাণ) অৰ্ধশতক অৰ্জন কৰে । বেগী বলাৰ মুকেশ কুমাৰে ৰেষ্ট অৱ ইণ্ডিয়াৰ হৈ পাঁচটা উইকেট দখল কৰে । একে প্ৰসিদ্ধ কৃষ্ণ আৰু য়শ দয়ালে দুটাকৈ উইকেট লাভ কৰে ।
প্ৰত্যুত্তৰত, ৰেষ্ট অৱ ইণ্ডিয়াই তেওঁলোকৰ প্ৰথম ইনিংছত মাত্ৰ ৪১৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ফলত প্ৰথম ইনিংছত মুম্বাইয়ে ১২১ ৰাণৰ অগ্ৰগতি লাভ কৰে । ৰেষ্ট অৱ ইণ্ডিয়াৰ হৈ অপেনাৰ অভিমন্যু ঈশ্বৰণে ২৯২ টা বলত ১৯১ ৰাণ সংগ্ৰহ কৰে, য’ত ১৬ টা চাৰিৰ উপৰিও এটা ছয় অন্তৰ্ভুক্ত আছিল । উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে ৯৩ ৰাণৰ অৱদান আগবঢ়াই । মুম্বাইৰ হৈ তনুশ কোটিয়ান আৰু চামছ মুলানীয়ে তিনিটাকৈ উইকেট দখল কৰে ।