দেশত উলহ-মালহেৰে উদযাপন কৰা হৈছে পোহৰৰ উৎসৱ দীপাৱলীৰ ।উত্তৰ প্ৰদেশৰ অযোধ্যাত দেৱালীক লৈ যথেষ্ট উৎসাহ দেখিবলৈ পোৱা যায়। ইতিমধ্যে অযোধ্যাত আৰম্ভ হৈছে দীপাৱলী।
দীপাৱলীৰ উপলক্ষে চাকিৰ পোহৰৰে আলোকিত কৰিছে সৰযু নদীৰ পাৰ ।৫৫ টাকৈ ঘাটত একেলগে জ্বলোৱা হ’ল ২৫ লাখ চাকি।
দীপোৎসৱ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় ১১০০গৰাকী পূজাৰীয়ে সৰযু নদীৰ পাৰত আৰতি পৰিৱেশন কৰিছিল।
আৰু সৰযু নদীৰ পাৰত ২৫ লাখ ১২ হাজাৰ ৫৮৫ চাকি জ্বলাই বিশ্ব অভিলেখ গঢ়িলে অযোধ্যাই। এই বিৰল ক্ষণৰ সাক্ষী হৈ ৰ’ল অযোধ্যাবাসী ।