গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হ’ল ভাৰতীয় জীৱন বীমা নিগমৰ নাম… গঢ়িলে এই অভিলেখ

ভাৰতীয় জীৱন বীমা নিগম

ভাৰতীয় জীৱন বীমা নিগমৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছে । ২৪ ঘন্টাত ৫,৮৮,১০৭ টা জীৱন বীমা পলিচি কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছে এল আই চিয়ে ।

এই কৃতিত্ব সন্দৰ্ভত ভাৰতীয় জীৱন বীমা নিগমে এক বিবৃতি প্ৰকাশ কৰে । নিগমে কয় যে চলিত বৰ্ষৰ ২৪ জানুৱাৰীত ২৪ ঘণ্টাত সমগ্ৰ দেশৰ ৪,৫২,৮৩৯ জন এল আই চি এজেণ্টে একেলগে মুঠ ৫,৮৮,১০৭ টা জীৱন বীমা পলিচি কৰিছে যিটো বিশ্ব অভিলেখ । এই কৃতিত্ব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰা হৈছে ।

এল আই চিৰ এক বিবৃতিত কোৱা হৈছে যে এয়া আমাৰ এজেণ্টসকলৰ নিষ্ঠা, দক্ষতা আৰু অক্লান্ত কৰ্মৰ প্ৰমাণ । এই উল্লেখযোগ্য প্ৰচেষ্টাই মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে জীৱন বীমা উদ্যোগত এক নতুন বিশ্বব্যাপী মাপকাঠী স্থাপন কৰে । এই কৃতিত্বই আমাৰ গ্ৰাহক আৰু তেওঁলোকৰ পৰিয়ালক গুৰুত্বপূৰ্ণ আৰ্থিক সুৰক্ষা প্ৰদানৰ আমাৰ মিছনৰ প্ৰতি আমাৰ গভীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে ।

মেড মিলিয়ন ডে’ত এই উদ্যোগ-

এই অভিলেখ প্ৰচেষ্টা এল আই চিৰ এম ডি আৰু চি ই অ’ সিদ্ধাৰ্থ মহান্তিৰ উদ্যোগৰ ফল । য’ত তেওঁ ২০২৫ চনৰ ২০ জানুৱাৰীত ‘মেড মিলিয়ন ডে’ত অন্ততঃ এটা পলিচি সম্পূৰ্ণ কৰিবলৈ প্ৰতিজন এজেণ্টক আহ্বান জনায় । এই সফলতাৰ পিছত মহান্তিয়ে ‘মেড মিলিয়ন ডে’ক ঐতিহাসিক কৰি তোলাৰ বাবে সকলো গ্ৰাহক, এজেণ্ট আৰু কৰ্মচাৰীক ধন্যবাদ জনায় ।

লগতে পঢ়ক : ৩০ কোটিৰ ঘৰ, বিলাসী গাড়ী সংগ্ৰহ… দুশ কোটিতকৈয়ো অধিক হিটমেন ৰোহিত শৰ্মাৰ মুঠ সম্পত্তি

বিশ্ব দৰবাৰত উজলিবলৈ সাজু চাহ বাগিচাৰ সংস্কৃতি ঝুমুৰ; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

বিহু নৃত্যৰ পিছত এইবাৰ  বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে ঝুমুৰ নৃত্যই।একেলগে একেস্থানত আঠ সহস্ৰাধিক নাচনীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য ।

ইতিমধ্যে সৰুসজাইত অন্তিম অনুশীলনত ব্যস্ত হাজাৰ হাজাৰ শিল্পী।২৪ ফেব্ৰুৱাৰী সোমবাৰে সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৬০ দেশৰ ৰাষ্ট্ৰদূতে ।

চাহ বাগিচা অঞ্চলৰ ৮ হাজাৰৰো অধিক যুৱক-যুৱতীৰ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব এই ৬০ দেশৰ ৰাষ্ট্ৰদূতসকল । ইতিমধ্যে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পৰিবেশন কৰা হ’ব ঝুমুৰ নৃত্য। কাইলৈ ৫.৩০ বজাত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব ঝুমুইৰ বিনন্দিনী।

তাৰ বাবে দৰ্শক সকলে সোমবাৰে বিয়লি ৩ বজাৰ লগে লগে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব। ঝুমুইৰ প্ৰদৰ্শনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে বিশেষ বাহনেৰে ষ্টেডিয়ামখন পৰিভ্ৰমণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইফালে ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ৮৫০০ গৰাকী অংশগ্ৰহণকাৰীক ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিথে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । অপেক্ষা মাথোঁ সেই ঐতিহাসিক ক্ষণৰ । যিটো ক্ষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত উদ্ভাসিত হ’ব ঝুমুৰ নৃত্য । 

বিহুৰ পিছত ঝুমুৰ নৃত্যই গঢ়িব বিশ্ব অভিলেখ; ৮ হাজাৰ শিল্পীয়ে কৰিব অংশগ্ৰহণ

বিহু  নৃত্যৰ পিছত এইবাৰ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ ওলাইছে ঝুমুৰ নৃত্যই। ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’ব এই অনুষ্ঠান।দিছপুৰত সংবাদমেলত এই কথা ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ।

সংবাদমেলখনত বিমল বৰাই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত সৰুসজাইত প্ৰদৰ্শন কৰা হ’ব ঝুমুৰ নৃত্য। ৮ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য ।বিহুৰ দৰে ঝুমুৰ নৃত্যৰ শিল্পী সকলকো দিয়া হ’ব ধনৰাশি।  

সোমবাৰৰ পৰা প্ৰতিটো সমষ্টিতে আৰম্ভ হব বাছনী প্ৰক্ৰিয়া। ১৯ ফেব্ৰুৱাৰীত প্ৰতিখন জিলাৰ পৰা বাছনি প্ৰাপ্ত শিল্পীসকলক গুৱাহাটীলৈ অনা হ’ব। আৰু  ২১ ৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ হ’ব চুড়ান্ত আখৰা ।