অহা ২২ নৱেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আৰম্ভ হ’ব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী । এই ভ্ৰমণৰ বাবে ইতিমধ্যে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে, য’ত নিৰ্বাচকসকলে তাৰকা বেটছমেন শ্ৰেয়াছ আয়াৰক স্থান দিয়া নাই । এতিয়া নিৰ্বাচকসকলক বেটেৰে উত্তৰ দি আয়াৰে চলিত ৰঞ্জী ট্ৰফী ছিজনৰ এখন মেচত দ্বি শতক অৰ্জন কৰিছে । ওড়িশাৰ বিৰুদ্ধে এই মেচখনত আয়াৰে এই ৰান সংগ্ৰহ কৰে । এই মেচখনত আয়াৰে এদিনীয়া মেচৰ দৰে বেটিং কৰে আৰু কেইবাটাও চাৰি আৰু ছয় কোবাই সম্পূৰ্ণ কৰে দ্বি শতক ।
ছয় আৰু চাৰিৰ বৰষুণ-
মুম্বাইৰ শাৰদ পাৱাৰ ক্ৰিকেট একাডেমী বি কে চিত ওড়িশাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী ২০২৪-২৫ চতুৰ্থ ৰাউণ্ডৰ খেলখনৰ দ্বিতীয় দিনা মুম্বাইৰ হৈ বিস্ফোৰক দ্বি শতক অৰ্জন কৰে ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰে । সোঁহাতৰ বেটছমেনগৰাকীয়ে ২৪টা চাৰি আৰু ৯টা ছয়ৰ সহায়ত ২২৮টা বলত ২৩৩ ৰানৰ বিধ্বংসী ইনিংছ খেলি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বোত্তম স্ক’ৰ কৰে ।
২০১টা বলত দ্বি শতক সম্পূৰ্ণ-
১৫২* স্ক’ৰেৰে দিনটোৰ আৰম্ভণি কৰে আয়াৰে । খেলৰ প্ৰথম দিনাই তেওঁ ১৫ সংখ্যক প্ৰথম শ্ৰেণীৰ শতক অৰ্জন কৰে । প্ৰথম দিনটোৰ স্ক’ৰৰ আগত খেলি আয়াৰে ২০১টা বলত নিজৰ দ্বি শতক সম্পূৰ্ণ কৰে আৰু কেইমিনিটমানৰ পিছতে পূৰ্বৰ প্ৰথম শ্ৰেণীৰ শ্ৰেষ্ঠ ২০২ ৰানৰ স্ক’ৰ অতিক্ৰম কৰে । এই ২৯ বছৰীয়া বেটছমেনগৰাকীয়ে ক্ৰীজলৈ আহিছিল যেতিয়া মুম্বাইৰ স্ক’ৰ আছিল ১৫৪/৩ । সিদ্ধেশ লাডৰ সৈতে আয়াৰে চতুৰ্থ উইকেটৰ বাবে ৩৫৪ ৰানৰ বৃহৎ অংশীদাৰিত্ব গঢ়ি মুম্বাইক ৫০০ ৰানৰ ওপৰলৈ লৈ যায় ।
একেৰাহে দ্বিতীয়টো শতক-
এই প্ৰতিযোগিতাখনত আয়াৰৰ এইটো আছিল একেৰাহে দ্বিতীয়টো শতক । ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলা অন্তিমখন মেচত তেওঁ ১৪২ ৰানৰ বিস্ফোৰক ৰান সংগ্ৰহ কৰিছিল । প্ৰায় তিনি বছৰৰ দীঘলীয়া ব্যৱধানৰ পিছত এইটোৱেই আছিল তেওঁৰ প্ৰথমটো প্ৰথম শ্ৰেণীৰ শতক, ইয়াৰে শেষৰটো শতক ২০২১ চনত কানপুৰত টেষ্টত অভিষেক ঘটোৱা সময়ত নিউজীলেণ্ডৰ বিৰুদ্ধে কৰিছিল । মহাৰাষ্ট্ৰৰ বিৰুদ্ধে বিস্ফোৰক ইনিংছ খেলাৰ পিছত আয়াৰে জিৰণিৰ বাবে ত্ৰিপুৰাৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অংশ ল’ব নোৱাৰিলে । এতিয়া তেওঁ ওড়িশাৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তন কৰি দ্বি শতক অৰ্জন কৰে ।