বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে ভাৰতীয় ক্ৰিকেট দল । অষ্ট্ৰেলিয়াত পাঁচখনীয়া মেচৰ টেষ্ট ছিৰিজ খেলিব টিম ইণ্ডিয়াই । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া পাঁচখন টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ অহা ২২ নৱেম্বৰৰ পৰা পাৰ্থত অনুষ্ঠিত হ’ব । ভাৰতীয় অনুৰাগীসকলে পুৱা সোনকালে উঠি এই টেষ্ট ছিৰিজৰ মেচ চাব লাগিব । ভাৰতীয় সময় অনুযায়ী ইয়াত জানি লওক, কোন সময়ত সকলো টেষ্ট মেচ আৰম্ভ হ’ব ।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল পাৰ্থত, দ্বিতীয়খন টেষ্ট মেচ এডিলেইডত, তৃতীয়খন টেষ্ট মেচ ব্রিছবেনত, চতুৰ্থখন টেষ্ট মেচ মেলবৰ্ণত আৰু পঞ্চম আৰু অন্তিমখন টেষ্ট মেচ ছিডনীত অনুষ্ঠিত হ’ব । ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব টেষ্ট শৃংখলা, আনহাতে অহা বছৰৰ ৩ জানুৱাৰীৰ পৰা অন্তিমখন টেষ্ট মেচ অনুষ্ঠিত হ’ব ।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাঁচখন টেষ্ট মেচৰ সময়-
ভাৰত বনাম অষ্ট্ৰেলিয়াৰ প্ৰথম টেষ্ট – ভাৰতত পুৱা ৭:৫০ বজাত (পাৰ্থত ২২ৰ পৰা ২৬ নৱেম্বৰলৈ)
ভাৰত বনাম অষ্ট্ৰেলিয়াৰ দ্বিতীয় টেষ্ট – ভাৰতত পুৱা ৯:৩০ বজাত (এডিলেইড ০৬ৰ পৰা ১০ ডিচেম্বৰলৈ)
ভাৰত বনাম অষ্ট্ৰেলিয়া ৩য় টেষ্ট – ভাৰতত পুৱা ৫:৫০ বজাত (ব্ৰিছবেন ১৪ৰ পৰা ১৮ ডিচেম্বৰলৈ)
ভাৰত বনাম অষ্ট্ৰেলিয়াৰ চতুৰ্থ টেষ্ট – ভাৰতত পুৱা ৫ বজাত আই এছ টি (মেলবৰ্ণ ২৬ৰ পৰা ৩০ ডিচেম্বৰলৈ)
ভাৰত বনাম অষ্ট্ৰেলিয়া ৫ম টেষ্ট – ভাৰতত পুৱা ৫ বজাত (চিডনী ০৩ৰ পৰা ০৭ জানুৱাৰীলৈ)
প্ৰথমখন টেষ্ট মেচ খেলিব নোৱাৰিব ৰোহিতে-
এই শৃংখলাৰ সকলো খেলৰ বাবে ভাৰতে ঘোষণা কৰিছে টিম ইণ্ডিয়াক । অৱশ্যে নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই পাৰ্থত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেচ খেলিব নোৱাৰিব । শেহতীয়াকৈ তেওঁ পিতৃ হৈছে । আনহাতে অষ্ট্ৰেলিয়াই মাত্ৰ প্ৰথম টেষ্টৰ বাবে দলটো ঘোষণা কৰিছে ।
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দল-
ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (উপ অধিনায়ক), যশস্বী জয়ছোৱাল, অভিমন্যু ইশ্বৰণ, শুভমন গীল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্ট, ছৰফৰাজ খান, ধ্ৰুৱ জুৰেল, ৰবিচন্দ্ৰ অশ্বিন, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছিৰাজ, আকাশ দীপ, প্ৰসিদ্ধ কৃষ্ণ, হৰ্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ ।