“বিদেশত খেলাৰ দৰে হ’ব”; গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ পূৰ্বে ক’লে অশ্বিনে
গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচ
ভাৰতৰ প্ৰবীণ অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে কয় যে গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখন দুয়োটা দলৰ বাবে “বিদেশত খেলা খেল” বুলি প্ৰমাণিত হ’ব পাৰে । ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই টেষ্ট মেচৰ জৰিয়তে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ নতুন টেষ্ট ভেন্যু হিচাপে পৰিগণিত হ’ব ।
অশ্বিনে কয় যে তেওঁ নতুন খেলপথাৰত খেলাৰ বিৰোধী নহয় যদিও দেশত স্থায়ী টেষ্ট চেণ্টাৰৰ প্ৰয়োজনীয়তা এতিয়া পূৰ্বতকৈ অধিক । তেওঁ লগতে কয় যে বৰ্তমানৰ ভাৰতীয় দলৰ প্ৰায় কোনো খেলুৱৈয়ে গুৱাহাটীত ৰেডবলৰ প্ৰথম শ্ৰেণীৰ খেল খেলা নাই ।
নিজৰ ইউটিউব চেনেলত অশ্বিনে কয় যে, “দক্ষিণ আফ্ৰিকা এটা শক্তিশালী দল, কিন্তু তেওঁলোকৰ স্পীন বিভাগ ইমান ফলপ্ৰসূ নহয় । অৱশ্যে আমি আমাৰ টেষ্ট চেণ্টাৰৰ বিষয়ে গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত । আমি বৰ্তমান ইডেন গাৰ্ডেন আৰু গুৱাহাটীত খেলি আছো, আনহাতে বিৰাট কোহলীয়ে বছৰ বছৰ পূৰ্বে কৈছিল যে ভাৰতক ষ্টেণ্ডাৰ্ড টেষ্ট চেণ্টাৰৰ প্ৰয়োজন ।”
অশ্বিনে আৰু কয় যে ভাৰতে কেৱল দৰ্শকৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি টেষ্ট আয়োজন কৰা উচিত নহয় । দৰ্শকৰ সংখ্যা নহয়, পৰিস্থিতি আৰু ঘৰুৱা সুবিধা জনাটোহে আমি জানিব লাগিব, এটা বিশেষ সময়ত খেলপথাৰখনে কেনে আচৰণ কৰিব আৰু ই বলাৰ বা বেটছমেনক কেনেধৰণৰ সহায় আগবঢ়াব সেই বিষয়ে জানিব লাগিব ।
অশ্বিনে কয় যে গুৱাহাটীৰ পৰিৱেশ দুয়োটা দলৰ বাবে নতুন হ’ব । তেওঁ কয় যে গুৱাহাটীত টেষ্ট খেলাটো তেতিয়া দক্ষিণ আফ্ৰিকা আৰু ভাৰত দুয়োটাৰে বাবে ই বিদেশী মাটিৰ দৰে হ’ব । ইয়াত কোনো ভাৰতীয় খেলুৱৈয়ে ৰেড বল লৈ খেলা নাই । তেওঁ বুজাই দিয়ে যে পূব ভাৰতৰ পিটচত বাউন্স অতি কম, কিন্তু বেয়া উইকেট বুলি গণ্য কৰা নহয় । এনে পৰিস্থিতিত দলসমূহে নিজৰ কৌশল আৰু দলৰ সংমিশ্ৰণৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব ।
লগতে পঢ়ক : অষ্ট্ৰেলিয়াত কেৰিয়াৰৰ অন্তিম শৃংখলা খেলিব নেকি ৰোহিত-কোহলীয়ে ?