ভাৰতীয় ক্ৰিকেট দলৰ বাবে ২০২৪ বৰ্ষটো আছিল মিশ্ৰিত বছৰ । তাৰ পিছত ২০২৫ চনৰ প্ৰথমখন মেচতে টিম ইণ্ডিয়াই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এতিয়া ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব টিম ইণ্ডিয়াই । ভাৰতীয় দলটোৱে এতিয়া বছৰৰ প্ৰথমটো জয়ৰ সন্ধানত আছে । বৰ্তমান ভাৰত আৰু ইংলেণ্ডৰ মাজত উত্তেজনাপূৰ্ণ মেচ দেখা যাব বুলি ক’লেও ভুল কোৱা নহ’ব ।
পাঁচখনীয়া মেচৰ টি-২০ শৃংখলা আৰু তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ ভ্ৰমণ কৰিব ইংলেণ্ড দলে । ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই শৃংখলা । ইংলেণ্ডে টি-২০ আৰু এদিনীয়া দুয়োটা শৃংখলাৰ বাবে নিজৰ দল ঘোষণা কৰিছে । আনহাতে ভাৰতে এতিয়াও নিজৰ দল ঘোষণা কৰা নাই ।
ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমে পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব । তাৰ পিছত তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব । টি-২০ শৃংখলাৰ খেলসমূহ কলকাতা, চেন্নাই, ৰাজকোট, পুনে আৰু মুম্বাইত অনুষ্ঠিত হ’ব । নাগপুৰ, কটক আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব এদিনীয়া মেচ । ২২ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব টি-২০ ছিৰিজ । ইয়াৰ পিছত ৬ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলা । সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হ’ব টি-২০ ছিৰিজৰ মেচসমূহ । দুপৰীয়া ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলাৰ মেচ ।
ভাৰত আৰু ইংলেণ্ডৰ টি-২০ ছিৰিজৰ সূচী-
২২ জানুৱাৰী – প্ৰথম টি-২০, কলকাতা (সন্ধিয়া ৭:০০ বজাত)
২৫ জানুৱাৰী – দ্বিতীয় টি-২০, চেন্নাই (সন্ধিয়া ৭:০০ বজাত)
২৮ জানুৱাৰী – তৃতীয় টি-২০, ৰাজকোট (সন্ধিয়া ৭:০০ বজাত)
৩১ জানুৱাৰী – চতুৰ্থ টি-২০, পুনে (সন্ধিয়া ৭:০০ বজাত)
২ ফেব্ৰুৱাৰী – পঞ্চম টি-২০, মুম্বাই (সন্ধিয়া ৭:০০ বজাত)
ভাৰত আৰু ইংলেণ্ডৰ এদিনীয়া শৃংখলাৰ সূচী-
৬ ফেব্ৰুৱাৰী – প্ৰথম এদিনীয়া, নাগপুৰ (দুপৰীয়া ১:৩০ বজাত)
৯ ফেব্ৰুৱাৰী – দ্বিতীয় এদিনীয়া, কটক (দুপৰীয়া ১:৩০ বজাত)
১২ ফেব্ৰুৱাৰী – ৩য় এদিনীয়া, আহমেদাবাদ (দুপৰীয়া ১:৩০ বজাত)
ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ টি-২০ দলঃ জোছ বাটলাৰ (অধিনায়ক আৰু উইকেটকীপাৰ), ফিল ছল্ট, জেমী স্মিথ, হেৰী ব্ৰুক, বেন ডাকেট, জেকব বেথেল, লিয়াম লিভিংষ্টন, ৰেহান আহমেদ, জেমী অভাৰটন, ব্ৰাইডন কাৰ্ছ, গাছ এটকিনছন, জোফ্ৰা আৰ্চাৰ, আদিল ৰছিদ, মাৰ্ক উড আৰু চাকিব মাহমুদ ।
ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ এদিনীয়া দলঃ জোছ বাটলাৰ (অধিনায়ক আৰু উইকেটকীপাৰ), ফিল ছল্ট, জেমী স্মিথ, হেৰী ব্ৰুক, বেন ডাকেট, জো ৰুট, জেকব বেথেল, লিয়াম লিভিংষ্টন, জেমী অভাৰটন, ব্ৰাইডন কাৰ্ছ, গাছ এটকিনছন, জোফ্ৰা আৰ্চাৰ, আদিল ৰছিদ, মাৰ্ক উড আৰু চাকিব মাহমুদ ।