যোৱা প্ৰায় ডেৰ-দুবছৰ ধৰি ইউক্ৰেইনৰ সৈতে যুদ্ধত জড়িত হৈ আছে ৰাছিয়া । ভাৰতৰ সৈতে ৰাছিয়াৰ বহু বৃহৎ প্ৰতিৰক্ষা চুক্তিতো এই যুদ্ধই প্ৰভাৱ পেলাইছে । ভাৰতলৈ সময়মতে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাত ব্যৰ্থ হৈছে ৰাছিয়া । পলম হোৱা চুক্তিসমূহৰ ভিতৰত আছে গুৰুত্বপূৰ্ণ এছ-৪০০ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ লগতে যুদ্ধজাহাজ আৰু চাবমেৰিন । দুবছৰ পলম হোৱাৰ পাছত অহা এমাহত দুখন মাল্টি ৰোল ফ্ৰিগেটৰ ভিতৰত প্রথমখন ভাৰতে লাভ কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পিছত ২০২৬-২৭ চনৰ আগতে আন কোনো আশা কৰা হোৱা নাই ।
এক প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ প্ৰতিৰক্ষা ৰপ্তানি হ্ৰাস পাইছে, ইয়াৰ কাৰণ হৈছে ইউক্ৰেইন যুদ্ধ । ২০২২ চনত ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত ৰাছিয়াৰ অস্ত্ৰ বিক্ৰী প্ৰায় ৬০ শতাংশ হ্ৰাস পাইছে । ইউক্ৰেইন যুদ্ধৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৰাছিয়াৰ সমগ্ৰ প্ৰতিৰক্ষা উদ্যোগক পুনৰ সাজু কৰিবলগীয়া হৈছে । আনকি ৰাছিয়াই উত্তৰ কোৰিয়া আৰু ইৰাণৰ পৰা ক্ষেপণাস্ত্ৰ, গোলাবাৰুদ আৰু ড্ৰোন আমদানি কৰিবলগীয়া হৈছে । ৰাছিয়াই প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰতো চীনৰ পৰা সহায় লৈছে ।
ভাৰতক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হ’ল ৰাছিয়া !
ভাৰত আৰু ৰাছিয়াই ২০১৮ চনত অধিগ্ৰহণ চুক্তিত স্বাক্ষৰ কৰিছিল, যাৰ অধীনত ২০২২-২৩ চনৰ ভিতৰত যুদ্ধ জাহাজ দুখন ডেলিভাৰী কৰা হ’ব । এতিয়ালৈকে ভাৰতে এখনো জাহাজ পোৱা নাই । ভাৰতৰ সৈতে চুক্তিৰ পৰিৱৰ্তে ৰাছিয়াই নিজৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিছে । ভাৰতৰ সামৰিক আধুনিকীকৰণৰ পৰিকল্পনা ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে । ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বায়ু প্ৰতিৰক্ষা ব্যৱস্থা । বায়ু প্ৰতিৰক্ষা ব্যৱস্থা কমেও ২০২৬ চনলৈকে বিলম্বিত হোৱাৰ কথা ।
ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমৰ ৫টা বেটাৰী । কিন্তু এই ডেলিভাৰী বহু মাহ নহয় বছৰ বছৰ পিছ পৰি আছে । ২০২৩ চনৰ ভিতৰত পাঁচোটা বেটাৰী ডেলিভাৰী হ’ব লাগিছিল । এতিয়ালৈকে ৰাছিয়াই মাত্ৰ তিনিটা বেটাৰীহে দিছে । ২০২৬ চনৰ ভিতৰত এই ডেলিভাৰী সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । ভাৰতে ৰাছিয়াক দ্ৰুত ডেলিভাৰীৰ বাবে অনুৰোধ জনাইছে যদিও ২০২৬ চনৰ আগতে ডেলিভাৰী পোৱাৰ সম্ভাৱনা নাই ।
ছাবমেৰিন পোৱাত তিনি বছৰৰ পলম-
ভাৰত আৰু ৰাছিয়াই ২০১৯ চনত এখন পাৰমাণৱিক চাবমেৰিনৰ লিজত চুক্তি স্বাক্ষৰ কৰিছিল । এই চুক্তিৰ অধীনত ২০২৫ চনৰ ভিতৰত ইয়াৰ ডেলিভাৰী হ’ব । চুক্তি অনুসৰি ভাৰতে নতুন বছৰত পাব লাগে যদিও এনে হোৱাৰ কোনো আশা নাই । ২০২৮ চনৰ পূৰ্বে এই চাবমেৰিন ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা নাই ।