২০২৪ বৰ্ষটো ক্ৰিকেট অনুৰাগীৰ বাবে যিমান সুখৰ আছিল সিমানেই দুখৰো আছিল । এই বৰ্যটোত বহু ক্ৰিকেটাৰে নিজৰ অনুৰাগীক এনে বহু সুযোগ দিছিল, যিটো তেওঁলোকে উপভোগ কৰিছিল । বহু তাৰকা ক্ৰিকেটাৰে ক্ৰিকেটৰ পৰা বিদায় লৈছিল, যিয়ে তেওঁলোকৰ অনুৰাগীৰ হৃদয় ভাঙিছিল । বিৰাট কোহলী আৰু ৰোহিত শৰ্মাকো এইবাৰ অৱসৰ লোৱা ক্ৰিকেটাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । দুয়োজন বেটছমেনে এটা ফৰ্মেটৰ পৰা বিদায় লয় । গতিকে এই বৰ্ষত কোনজন ক্ৰিকেটাৰ অৱসৰ ল’লে জানক ।
২০২৪ চনত ক্ৰিকেটৰ পৰা অৱসৰ লোৱা খেলুৱৈ-
এইবাৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ক্ৰিকেটাৰৰ তালিকাত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ নামো আছে । ২০২৪ চনৰ টি-২০ বিশ্বকাপত জয়লাভ কৰি ৰোহিত আৰু বিৰাটে টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছিল । কোহলী আৰু ৰোহিত শৰ্মাৰ লগতে টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰে টিম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই ।
ইয়াৰ উপৰিও টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন শিখৰ ধাৱান, উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিক আৰু উইকেটকীপাৰ বেটছমেন ঋদ্ধিমান সাহাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লয় । ধাৱানে বৰ্তমান নেপাল প্ৰিমিয়াৰ লীগ খেলিছে । ২০২৫ চনৰ আই পি এলত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বেটিং প্ৰশিক্ষক আৰু গুৰু হিচাপে দেখা যাব দীনেশ কাৰ্তিকক ।
এইসকল বিদেশী ক্ৰিকেটাৰেও অৱসৰ গ্ৰহণ কৰে-
ভাৰতীয় ক্ৰিকেটাৰৰ উপৰিও বহু বিদেশী ক্ৰিকেটাৰেও ২০২৪ চনত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ডেভিদ ৱাৰ্নাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লয় । ইয়াৰ উপৰিও ইংলেণ্ডৰ বেগী বলাৰ জেমছ এণ্ডাৰছনেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে । অৱসৰৰ পিছত ২০২৫ চনৰ মেগা নিলামত এণ্ডাৰছনে নিজৰ নাম দিছিল যদিও কোনো দলে তেওঁক ক্ৰয় কৰা নাছিল ।
ইয়াৰ উপৰিও ইংলেণ্ডৰ অল-ৰাউণ্ডাৰ ম’ইন আলী, নিউজীলেণ্ডৰ বেগী বলাৰ নীল ৱেগনাৰ আৰু টিম ছাউথীয়েও এইবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লয় ।
উল্লেখ্য যে ২০২৪ চনত পাকিস্তানৰ বেগী বলাৰ মহম্মদ আমিৰ আৰু অলৰাউণ্ডাৰ ইমাদ ৱাছিমেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিছিল । যদিও ইয়াৰ পূৰ্বেও দুয়োজন পাকিস্তানী খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল । দুয়োগৰাকী পাকিস্তানী খেলুৱৈয়ে অৱসৰৰ পৰা উভতি আহি ২০২৪ চনৰ টি-২০ বিশ্বকাপত খেলিছিল ।