এম এছ ধোনীয়ে ২০০৪ চনত ভাৰতৰ হৈ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল । ধোনী সেই সময়ত দীঘল চুলিৰ চেহেৰাৰ বাবে পৰিচিত আছিল আৰু তেতিয়া কোনে জানিছিল যে তেওঁ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিব । ধোনী আৰু তেওঁৰ অনুৰাগীসকলে ২০০৫ চনৰ ৩১ অক্টোবৰৰ সেই তাৰিখটো হয়তো কেতিয়াও পাহৰিব নোৱাৰে, কাৰণ আজিৰ দিনটোতে তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে এক ঐতিহাসিক ইনিংছ খেলিছিল ।
২০০৫ চনত শ্ৰীলংকাৰ দলে ভাৰত ভ্ৰমণ কৰিছিল । ৭খনীয়া মেচৰ এদিনীয়া শৃংখলাত ভাৰতীয় দলটোৱে প্ৰথম দুখন মেচত জয়লাভ কৰিছিল । তৃতীয়খন জয়পুৰত অনুষ্ঠিত হৈছিল, য’ত প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ২৯৮ ৰানৰ বিশাল স্ক’ৰ কৰিছিল । সেই মেচত কুমাৰ ছাংগাক্কাৰাই ১৩৮ ৰানৰ ইনিংছ খেলিছিল । প্ৰত্যুত্তৰত ২৩টা বল বাকী থকা অৱস্থাত টিম ইণ্ডিয়াই খেলখনত জয়লাভ কৰি শৃংখলাত ৩-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল ।
এম এছ ধোনিৰ ঐতিহাসিক ইনিংছ-
এই মেচত এম এছ ধোনীয়ে ১৮৩ ৰানৰ অপৰাজিত ইনিংছ খেলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত চাঞ্চল্যৰ সৃষ্টি কৰিছিল । ২৯৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে আগতীয়াকৈ শচীন তেণ্ডুলকাৰৰ উইকেট হেৰুৱাইছিল । ধোনীয়ে ২০০৫ চনতেই ভাৰতৰ হৈ তিনি নম্বৰ স্থানত বেটিং আৰম্ভ কৰিছিল । প্ৰথমে তেওঁ বীৰেন্দ্ৰ ছেহৱাগৰ সৈতে ৯২ ৰানৰ অংশীদাৰিত্ব কৰিছিল । ইয়াৰ পাছত ৰাহুল দ্ৰাবিড়, যুৱৰাজ সিং আদি বেটছমেনসকলো ক্ৰীজত অধিক সময় তিষ্ঠি থাকিব পৰা নাছিল । কিন্তু ধোনীয়ে শ্ৰীলংকাৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি থাকিল ।
সেই মেচত ১৪৫টা বলত অপৰাজিত ১৮৩ ৰান সংগ্ৰহ কৰিছিল এম এছ ধোনীয়ে । এই ঐতিহাসিক ইনিংছত তেওঁ ১৫টা চাৰি আৰু ১০টা ৬ কোবাইছিল । এই ইনিংছৰ জৰিয়তে ধোনীয়ে চেজিং কৰাৰ সময়ত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ কৰাৰ বিশ্ব অভিলেখ গঢ়িছিল । কিন্তু ২০১১ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ শ্বেন ৱাটছনে এই অভিলেখ ভংগ কৰিছিল । বাংলাদেশৰ বিৰুদ্ধে ৱাটছনে ৯৬টা বলত ১৮৫ ৰানৰ ইনিংছ খেলিছিল ।