বৰ্তমান সময়ত সকলোৰে হাতে হাতে মোবাইল ফোন উপলদ্ধ । কেৱল ডেকা-বুঢ়াই নহয়, শিশুৰ পৰা আৰম্ভ কৰি কিশোৰলৈকে বৰ্তমান সক্ৰিয় হৈ আছে ছ’চিয়েল মিডিয়াত । ছ’চিয়েল মিডিয়াৰ সুবিধাৰ লগতে ইয়াৰ কিছু অসুবিধাও আছে । কিন্তু এতিয়া ১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিবলৈ সন্মতি ল’ব লাগিব পিতৃ-মাতৃ তথা অভিভাৱকৰ । ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ব্যক্তিগত ডিজিটেল তথ্য সুৰক্ষা আইন (ডি পি ডি পি) নিয়মৰ খচৰা নিয়ম জাৰি কৰিছে । ১৮ ফেব্ৰুৱাৰীলৈকে লাভ কৰা আপত্তিৰ ভিত্তিত বৈঠকত সালসলনি কৰা হ’ব । অন্যথা ই চলি থাকিব ।
ব্যক্তিগত ডিজিটেল ডাটা সুৰক্ষাৰ নিয়মৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰা হৈছিল । অৱশ্যে চৰকাৰে জাৰি কৰা খচৰাত নিয়ম উলংঘা কৰিলে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থাৰ কথা উল্লেখ কৰা হোৱা নাই । নিয়ম জাৰি কৰি চৰকাৰে এই সন্দৰ্ভত জনসাধাৰণৰ মতামত বিচাৰিছে । ১৮ ফেব্ৰুৱাৰীৰ পিছত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব । য’ত জনসাধাৰণৰ মতামত বিবেচনা কৰা হ’ব ।
তথ্যৰ বাবে জাৰি কৰা হৈছে খচৰা নিয়ম-
ৰাজহুৱা তথ্যৰ বাবে জাৰী কৰা খচৰা নিয়ম
খচৰা অধিসূচনাত কোৱা হৈছে যে ব্যক্তিগত ডিজিটেল তথ্য সুৰক্ষা আইন-২০২৩ৰ ধাৰা ৪০ ৰ উপ-ধাৰা (১) আৰু (২)ৰ ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ তথ্যৰ বাবে আইনখন আৰম্ভ হোৱাৰ তাৰিখত বা তাৰ পিছত প্ৰস্তুত কৰিবলগা প্ৰস্তাৱিত নিয়মসমূহৰ এখন খচৰা জাৰী কৰিছে ।
জৰিমনা বিহাৰ ব্যৱস্থা-
খচৰা নিয়মত ডিজিটেল তথ্য সুৰক্ষা নিয়মৰ অধীনত লোকৰ সন্মতি প্ৰক্ৰিয়াকৰণ, তথ্য প্ৰক্ৰিয়াকৰণ সংস্থা আৰু বিষয়াৰ কাৰ্য্যকলাপৰ সৈতে জড়িত বিধানসমূহ নিৰ্ধাৰণ কৰা হৈছে । অধিসূচনাখনত কোৱা হৈছে যে, এই খচৰা নিয়মসমূহ ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পিছত বিবেচনা কৰা হ’ব । খচৰা নিয়মত ডি পি ডি পি আইন-২০২৩ৰ অধীনত শাস্তিৰ কথা উল্লেখ কৰা হোৱা নাই । এই নিয়মত ডাটা ফিডুচিয়াৰীক (Data Fiduciary) ২৫০ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে ।
ডাটা ফিডুচিয়াৰীৰ কাম আৰু সীমাবদ্ধতা-
ডাটা ফিডুচিয়াৰী হৈছে এনে এজন ব্যক্তি, কোম্পানী বা ফাৰ্ম যিয়ে ব্যক্তিৰ ব্যক্তিগত ডাটা কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰা হয় সেইটো সিদ্ধান্ত লয় । ডাটা ফিডুচিয়াৰীয়ে ডাটা প্ৰক্ৰিয়াকৰণ কৰিব লাগিব । তেওঁ তথ্যসমূহ কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে প্ৰক্ৰিয়াকৰণ কৰিব পাৰে । এই সময়ছোৱাত ই তথ্য সংৰক্ষণৰ সীমাও মানি চলিবলগীয়া হয় ।