চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ; অনুমতি অবিহনে খুলিব নোৱাৰিব ছ’চিয়েল মিডিয়া একাউণ্ট

চৰকাৰী কৰ্মচাৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এতিয়াৰে পৰা কৰ্তৃপক্ষৰ অনুমতি অবিহনে নিজৰ নামত বা ছদ্মনামেৰে ছ’চিয়েল মিডিয়া একাউণ্ট খুলিবলৈ দিয়া নহ’ব ।

চৰকাৰী কৰ্মচাৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সন্দৰ্ভত পাটনাৰ নীতিশ কুমাৰ চৰকাৰে এক বৃহৎ আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে । ২৯ জানুৱাৰীত কেবিনেট ব্রিফিঙৰ সময়ত শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ বি ৰাজেন্দ্রই বিহাৰ চৰকাৰী সেৱক আচৰণ সংশোধনী নিয়ম ২০২৬ সম্পর্কে বিতং তথ্য প্রদান কৰে ৷ ছ’চিয়েল মিডিয়া আৰু ইনষ্টেণ্ট মেছেজিং এপৰ ​​অপব্যৱহাৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই সংশোধনী প্ৰয়োজনীয় বুলিও তেওঁ কয় ।

ড০ ৰাজেন্দ্ৰই কয় যে পূৰ্বৰ নিয়মত ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপ, টেলিগ্ৰামৰ দৰে প্লেটফৰ্মৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা হোৱা নাছিল যদিও ইয়াৰ অপব্যৱহাৰক অসৎ আচৰণ বুলি গণ্য কৰা হৈছে । শেহতীয়া গোচৰলৈ লক্ষ্য ৰাখি চৰকাৰে ছ’চিয়েল মিডিয়াত চৰকাৰী কৰ্মচাৰীৰ আচৰণ সন্দৰ্ভত স্পষ্ট আৰু কঠোৰ নিয়ম স্থাপন কৰিছে ।

ছ’চিয়েল মিডিয়াক লৈ কঠোৰ নীতিশ চৰকাৰ-

নতুন নিয়ম অনুসৰি কোনো চৰকাৰী সেৱকক কৰ্তৃপক্ষৰ অনুমতি অবিহনে নিজৰ নামত বা ছদ্মনামেৰে ছ’চিয়েল মিডিয়া একাউণ্ট খুলিবলৈ দিয়া নহ’ব । ব্যক্তিগত ছ’চিয়েল মিডিয়া একাউণ্টৰ বাবে চৰকাৰী ইমেইল ঠিকনা বা মোবাইল নম্বৰ ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব । ছ’চিয়েল মিডিয়াত এনে কোনো পোষ্ট দিব নোৱাৰিব যিয়ে পদৰ মৰ্যাদা হ্ৰাস কৰে বা চৰকাৰৰ সুনামৰ ক্ষতি কৰে ।

চৰকাৰী কৰ্মচাৰীয়ে অশ্লীল, উত্তেজক বা ভুৱা বিষয়বস্তু পোষ্ট কৰিব নোৱাৰিব । লগতে বেনামী একাউণ্ট চলোৱা নিষিদ্ধ কৰা হ’ব । চৰকাৰী নীতি, আঁচনি আৰু উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ওপৰত ব্যক্তিগত মতামত প্ৰকাশ কৰা নিষিদ্ধ কৰা হ’ব । ছ’চিয়েল মিডিয়াত কোনো স্পৰ্শকাতৰ বা গোপনীয় তথ্য শ্বেয়াৰ কৰাৰ অনুমতি দিয়া নহ’ব ।

কৰ্মক্ষেত্ৰৰ অনুষ্ঠান বা সভাৰ ভিডিঅ’, ৰিল, বা লাইভষ্ট্ৰীমিং সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে । অভিযোগ, আদেশ, প্ৰতিবেদন, বা আবেদনৰ সৈতে জড়িত নথি-পত্ৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰাটোও নিষিদ্ধ কৰা হ’ব । চৰকাৰী চাকৰিয়ালসকলে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা উপাৰ্জন কৰিব নোৱাৰিব । জাতি বা ধৰ্মৰ ভিত্তিত কাৰোবাৰ মৰ্যাদাক অপমান কৰা মন্তব্যও নিষিদ্ধ হ’ব ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালাপ

অশ্লীল কন্টেন্ট সন্দৰ্ভত ভুল স্বীকাৰ এক্সৰ… মানি চলিব ভাৰতীয় আইন

এক্সে ব্যৱস্থা গ্ৰহণ কৰি প্ৰায় ৩৫০০ অশ্লীল কন্টেন্ট ব্লক কৰি ৬০০ৰো অধিক একাউণ্ট ডিলিট কৰিছে । প্লেটফৰ্মে ভাৰত চৰকাৰক জনাইছে যে ভাৰতীয় আইন সম্পূৰ্ণৰূপে মানি চলি নিয়ম অনুসৰি কাম কৰিব ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সে(পূৰ্বৰ টুইটাৰ) নিজৰ ভুল স্বীকাৰ কৰি ভাৰতীয় আইন মানি চলিব বুলি উল্লেখ কৰিছে । প্ৰায় ৩৫০০ টা কন্টেন্ট ব্লক কৰা হৈছে আৰু ৬০০ৰো অধিক একাউণ্ট ডিলিট কৰা হৈছে । জানিব পৰা মতে এক্সে আৰু অশ্লীল ছবি পোষ্ট কৰাৰ অনুমতি নিদিয়ে ।

এক্সে নিজৰ ভুল স্বীকাৰ কৰি কন্টেন্ট মডাৰেচন ষ্টেণ্ডাৰ্ডৰ অভাৱ স্বীকাৰ কৰি ভাৰত চৰকাৰক জনাইছে যে ভাৰতীয় আইন সম্পূৰ্ণৰূপে মানি চলি নিয়ম অনুসৰি কাম কৰিব । চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে এই বাতৰি সংস্থা এ এন আইয়ে প্ৰকাশ কৰিছে ।

ইয়াৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলি গ্ৰ’কৰ জৰিয়তে সৃষ্টি বা বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপন কৰা সামগ্ৰীকে ধৰি প্লেটফৰ্মত অশ্লীল আৰু যৌন সম্পৰ্কীয় বিষয়বস্তুৰ প্ৰচাৰক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ পিছতে বিষয়টো পোহৰলৈ আহে ।

চৰকাৰে গ্ৰ’ক এ আইৰ সৈতে জড়িত অশ্লীল বিষয়বস্তু প্ৰতিৰোধৰ ব্যৱস্থা আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ পৰা অধিক তথ্য বিচাৰিছিল । এক্সে এই বিষয়ত সঁহাৰি দিছিল, কিন্তু ই কিছুমান মূল তথ্য বাদ দিছিল । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মহিলাৰ যৌন আৰু অশ্লীল ছবি সৃষ্টিৰ বাবে গ্ৰ’কৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ চেটবটৰ ব্যৱহাৰ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল ।

এতিয়া এক্সে ব্যৱস্থা গ্ৰহণ কৰি প্ৰায় ৩৫০০ অশ্লীল কন্টেন্ট ব্লক কৰি ৬০০ৰো অধিক একাউণ্ট ডিলিট কৰিছে । ভৱিষ্যতে অশ্লীল ছবিৰ অনুমতি নিদিয়াৰ আশ্বাসো প্লেটফৰ্মে প্ৰদান কৰিছে । ইফালে ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সক সমালোচনা কৰি আঙুলিয়াই দিয়ে যে গ্ৰ’কত আপত্তিজনক আৰু যৌন প্ৰৰোচনামূলক ছবি পোষ্ট কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পৰিৱৰ্তে কেৱল পেইড ইউজাৰৰ মাজত সীমাবদ্ধ কৰি ৰাখিছে ।

লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পক ফোন নকৰাৰ বাবেই নহ’ল ভাৰত-মাৰ্কিন বাণিজ্য চুক্তি…

নিষিদ্ধ হ’ল ছচিয়েল মিডিয়া… কাৰ্যকৰী হ’ল নতুন আইন, অমান্য কৰিলেই সন্মুখীন হ’ব শাস্তিৰ

এথিয়াৰে পৰা ১৬ বছৰৰ তলৰ কোনো কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া । আজিৰে পৰা কাৰ্যকৰী নতুন আইন । উলংঘা কৰিলেই সন্মুখীন হ’ব জৰিমনাৰ ।

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীক ছচিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা অষ্ট্ৰেলিয়া বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে । ১০ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন আইন আৰু ছ’চিয়েল মিডিয়া কোম্পানীসমূহলৈ এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে । শাস্তিৰ ব্যৱস্থা আছে যদিও অভিভাৱক আৰু কিশোৰ-কিশোৰীক কোনো ধৰণৰ শাস্তি বা দণ্ড প্ৰদান কৰা নহ’ব ।

অষ্ট্ৰেলিয়াৰ এই আইনখনৰ অৰ্থ হ’ল ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীসকলৰ বাবে ছচিয়েল মিডিয়া নিষিদ্ধ কৰা হৈছে । এই সিদ্ধান্ত বলবৎ কৰিবলৈ ছ’চিয়েল মিডিয়া কোম্পানীসমূহক কিশোৰ-কিশোৰীসকলৰ একাউণ্ট ডিলিট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু এনে নকৰা কোম্পানীসমূহ কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব ।

অষ্ট্ৰেলিয়াৰ এই সিদ্ধান্তৰ পিছতে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীসকলক ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক, ইউটিউব আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰা হ’ব । যদি কোনোবাই এই নিয়ম উলংঘা কৰে তেন্তে ছ’চিয়েল মিডিয়া কোম্পানীসমূহে জবাবদিহি হ’ব আৰু শাস্তিৰ সন্মুখীন হ’ব লাগিব । অৱশ্যে অভিভাৱক আৰু কিশোৰ-কিশোৰীসকল কোনো ধৰণৰ শাস্তিৰ সন্মুখীন নহ’ব ।

অষ্ট্ৰেলিয়াৰ ১০টা বৃহৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মাজনিশা ১২ বজাৰ পৰা কিশোৰ-কিশোৰীৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । এই নিয়ম মানি চলাত ব্যৰ্থ হ’লে নতুন আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু কোম্পানীসমূহে ৪৯.৫ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ (প্ৰায় ২৯৬ কোটি টকা) পৰ্যন্ত জৰিমনা ভৰিব লাগিব ।

লগতে পঢ়ক : ২০২৫ চনত গুগলত সৰ্বাধিক সন্ধান বিষয় বস্তু আছিল কি? ধৰ্মেন্দ্ৰৰ দেহাৱসানৰ পৰা জুবিন গাৰ্গ লৈকে…

বিয়া ভাগিল…! অৱশেষত ছ’চিয়েল মিডিয়াযোগে মৌনতা ভংগ কৰিলে স্মৃতি মন্ধানাই

তাৰকা বেটছমেন স্মৃতি মন্ধানাই অৱশেষত নিজৰ ব্যক্তিগত জীৱনক লৈ চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে ।

ভাৰতীয় মহিলা দলৰ তাৰকা বেটছমেন স্মৃতি মন্ধানাই অৱশেষত নিজৰ ব্যক্তিগত জীৱনক লৈ চলি থকা জল্পনা-কল্পনা সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে । মন্ধানাই উল্লেখ কৰে যে পলাশ মুচ্চলৰ সৈতে তেওঁৰ সম্পৰ্ক শেষ হৈছে, অৰ্থাৎ তেওঁলোকৰ বিবাহৰ অন্ত পৰিছে । ছ’চিয়েল মিডিয়াত এক আনুষ্ঠানিক বিবৃতিত এই কথা নিশ্চিত কৰিছে মন্ধানাই ।

মন্ধানাই ইনষ্টাগ্ৰামত লিখিছে, “যোৱা কেইসপ্তাহমানৰ পৰা মোৰ জীৱনৰ বিষয়ে বহু কথা কোৱা হৈছে । মই এগৰাকী অতি ব্যক্তিগত ব্যক্তি আৰু মোৰ ব্যক্তিগত জীৱনটো ব্যক্তিগতভাৱে ৰাখিবলৈ ভাল পাওঁ, কিন্তু এতিয়া ঘোষণা কৰাটো গুৰুত্বপূৰ্ণ যে এতিয়া বিয়াখন বাতিল কৰা হৈছে । মই বিচাৰো এই বিষয়টো ইয়াতেই শেষ হওক । মই সকলোকে অনুৰোধ কৰিছো যে দুয়োটা পৰিয়ালৰ গোপনীয়তাক সন্মান কৰক আৰু আমাক সময় দিয়ক যাতে আমি এই পৰিস্থিতিৰ পৰা ওলাব পাৰো আগবাঢ়ি যাব পাৰো ।”

স্মৃতি মন্ধানাই কয় যে তেওঁৰ কেৰিয়াৰ তেওঁৰ অগ্ৰাধিকাৰ । মন্ধানাই লিখিছে, “মই বিশ্বাস কৰোঁ যে আমাৰ সকলোকে পথ প্ৰদৰ্শন কৰা এক উচ্চ শক্তি আছে । মোৰ বাবে সেই শক্তিয়ে সদায় ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে । মই মোৰ দেশৰ হৈ খেলিব বিচাৰো আৰু যিমান পাৰো ট্ৰফী জিকিব বিচাৰো । সেইটোৱেই মোৰ একমাত্ৰ লক্ষ্য হ’ব ।”

উল্লেখ্য যে, স্মৃতি মন্ধানা আৰু সংগীত সুৰকাৰ পলাশ মুচ্চলৰ বিবাহ ২৩ নৱেম্বৰত হ’ব লগা আছিল যদিও অনুষ্ঠানটো অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হয় । বিয়াৰ দিনা স্মৃতিৰ পিতৃ শ্ৰীনিবাস মন্ধানা হঠাৎ অসুস্থ হৈ পৰাত দুয়ো পৰিয়ালে বিয়াখন পিছুৱাই দিবলগীয়া হয় । এই সময়ছোৱাত ছ’চিয়েল মিডিয়াত বিভিন্ন উৰাবাতৰি বিয়পি পৰে । পলাশ মুচ্চলে স্মৃতি মন্ধানাক প্ৰতাৰণা কৰা বুলি দাবী কৰি কিছুমান পোষ্ট ভাইৰেল হৈ পৰিছিল । অৱশ্যে এই দাবীৰ কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নগ’ল । এতিয়া মন্ধানাৰ এই পোষ্টটোৱে নিশ্চিত কৰিছে যে বিয়াখন বাতিল কৰা হৈছে ।

লগতে পঢ়ক : নিৰ্ণায়ক এদিনীয়াত যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক, অৰ্জন কৰিলে এই বিৰল কৃতিত্ব

১৮ বছৰৰ তলৰ কোনো কিশোৰে খুলিব নোৱাৰিব ছ’চিয়েল মিডিয়া একাউন্ট !

বৰ্তমান সময়ত সকলোৰে হাতে হাতে মোবাইল ফোন উপলদ্ধ । কেৱল ডেকা-বুঢ়াই নহয়, শিশুৰ পৰা আৰম্ভ কৰি কিশোৰলৈকে বৰ্তমান সক্ৰিয় হৈ আছে ছ’চিয়েল মিডিয়াত । ছ’চিয়েল মিডিয়াৰ সুবিধাৰ লগতে ইয়াৰ কিছু অসুবিধাও আছে । কিন্তু এতিয়া ১৮ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিবলৈ সন্মতি ল’ব লাগিব পিতৃ-মাতৃ তথা অভিভাৱকৰ । ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ব্যক্তিগত ডিজিটেল তথ্য সুৰক্ষা আইন (ডি পি ডি পি) নিয়মৰ খচৰা নিয়ম জাৰি কৰিছে । ১৮ ফেব্ৰুৱাৰীলৈকে লাভ কৰা আপত্তিৰ ভিত্তিত বৈঠকত সালসলনি কৰা হ’ব । অন্যথা ই চলি থাকিব ।

ব্যক্তিগত ডিজিটেল ডাটা সুৰক্ষাৰ নিয়মৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰা হৈছিল । অৱশ্যে চৰকাৰে জাৰি কৰা খচৰাত নিয়ম উলংঘা কৰিলে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থাৰ কথা উল্লেখ কৰা হোৱা নাই । নিয়ম জাৰি কৰি চৰকাৰে এই সন্দৰ্ভত জনসাধাৰণৰ মতামত বিচাৰিছে । ১৮ ফেব্ৰুৱাৰীৰ পিছত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব । য’ত জনসাধাৰণৰ মতামত বিবেচনা কৰা হ’ব ।

তথ্যৰ বাবে জাৰি কৰা হৈছে খচৰা নিয়ম-

ৰাজহুৱা তথ্যৰ বাবে জাৰী কৰা খচৰা নিয়ম

খচৰা অধিসূচনাত কোৱা হৈছে যে ব্যক্তিগত ডিজিটেল তথ্য সুৰক্ষা আইন-২০২৩ৰ ধাৰা ৪০ ৰ উপ-ধাৰা (১) আৰু (২)ৰ ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ তথ্যৰ বাবে আইনখন আৰম্ভ হোৱাৰ তাৰিখত বা তাৰ পিছত প্ৰস্তুত কৰিবলগা প্ৰস্তাৱিত নিয়মসমূহৰ এখন খচৰা জাৰী কৰিছে ।

জৰিমনা বিহাৰ ব্যৱস্থা-

খচৰা নিয়মত ডিজিটেল তথ্য সুৰক্ষা নিয়মৰ অধীনত লোকৰ সন্মতি প্ৰক্ৰিয়াকৰণ, তথ্য প্ৰক্ৰিয়াকৰণ সংস্থা আৰু বিষয়াৰ কাৰ্য্যকলাপৰ সৈতে জড়িত বিধানসমূহ নিৰ্ধাৰণ কৰা হৈছে । অধিসূচনাখনত কোৱা হৈছে যে, এই খচৰা নিয়মসমূহ ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পিছত বিবেচনা কৰা হ’ব । খচৰা নিয়মত ডি পি ডি পি আইন-২০২৩ৰ অধীনত শাস্তিৰ কথা উল্লেখ কৰা হোৱা নাই । এই নিয়মত ডাটা ফিডুচিয়াৰীক (Data Fiduciary) ২৫০ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা আছে ।

ডাটা ফিডুচিয়াৰীৰ কাম আৰু সীমাবদ্ধতা-

ডাটা ফিডুচিয়াৰী হৈছে এনে এজন ব্যক্তি, কোম্পানী বা ফাৰ্ম যিয়ে ব্যক্তিৰ ব্যক্তিগত ডাটা কেনেকৈ প্ৰক্ৰিয়াকৰণ কৰা হয় সেইটো সিদ্ধান্ত লয় । ডাটা ফিডুচিয়াৰীয়ে ডাটা প্ৰক্ৰিয়াকৰণ কৰিব লাগিব । তেওঁ তথ্যসমূহ কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে প্ৰক্ৰিয়াকৰণ কৰিব পাৰে । এই সময়ছোৱাত ই তথ্য সংৰক্ষণৰ সীমাও মানি চলিবলগীয়া হয় ।