চেন্নাই ছুপাৰ কিংছ বয়সস্থ খেলুৱৈৰ বাবে পৰিচিত। কোৱা হয় যে বেছিভাগ পুৰণি খেলুৱৈয়ে CSKত খেলে। কিন্তু এইবাৰ আই পি এলৰ বাবে চেন্নাইয়ে ১৭ বছৰীয়া যুৱ খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰাৰ কথা চিন্তা কৰিছে, যিয়ে সকলো ক্ৰিকেট প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছে।
২০২৪-২৫ বৰ্ষৰ ৰঞ্জী ট্ৰফীত খেলা ১৭ বছৰীয়া আয়ুষে নিজৰ অভিনৱ দক্ষতাৰে চেন্নাই দলটোৰ লগতে এম এছ ধোনীকো আপ্লুত কৰিছে। এতিয়ালৈকে খেলা প্ৰথম শ্ৰেণীৰ মেচসমূহত তেওঁ উৎকৃষ্ট বেটিং প্ৰদৰ্শন কৰিছিল, যিয়ে চেন্নাই দলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
ৰঞ্জি ট্ৰফীৰ পঞ্চম ৰাউণ্ডৰ পিছত আয়ুষক CSK দলটোৱে ট্ৰায়েলৰ বাবে মাতিছিল। সেয়েহে ধাৰণা কৰিব পাৰি আয়ুষক ২০২৫ চনৰ আই পি এল ছিজনত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা দেখা যাব পাৰে।
উল্লেখনীয় যে ইয়াৰ পূৰ্বে চেন্নাইয়ে ২০২৪ চনৰ আই পি এলত অনকেপড সমীৰ ৰিজৱীক ৮.৪ কোটি টকাত ক্ৰয় কৰিছিল। একেদৰে আয়ুষেও চেন্নাইৰ পৰা ভাল দাম পাব পাৰে। কিন্তু এতিয়া আয়ুষে চেন্নাই দলত স্থান পায় নে নাপায় সেয়া লক্ষ্যণীয় হ’ব।
মুম্বাইৰ হৈ খেলা আয়ুষে এতিয়ালৈকে ৫ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। এই মেচসমূহৰ ৯টা ইনিংছত তেওঁ ৩৫.৬৬ গড়ে ৩২১ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ১টা শতক আৰু ১টা অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
মন কৰিবলগীয়া কথাটো হ’ল আয়ুষে কেৰিয়াৰত এতিয়ালৈকে কোনো টি-২০ মেচ খেলা নাই। টি-২০ নেখেলাকৈ আয়ুষক দলত অন্তৰ্ভুক্ত কৰাটো চেন্নাইৰ বাবে এক ডাঙৰ সিদ্ধান্ত হ’ব পাৰে। অৱশ্যে আই পি এল আৰম্ভ হ’বলৈ এতিয়াও বহু সময় আছে, তাৰ পূৰ্বে আয়ুছে হয়তো বহু টি-২০ মেচ খেলাৰ সুযোগ পাব পাৰে।