ছ’চিয়েল মিডিয়া অথবা সামাজিক মাধ্যম ব্যৱহাৰকাৰী সন্দৰ্ভত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে । চৰকাৰে ১৬ বছৰৰ তলৰ শিশু তথা কিশোৰৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিবলৈ আইন প্ৰণয়ন কৰা বুলি জানিবলৈ দিছে । অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানীয়ে সংবাদমেলত এই কথা সদৰী কৰিছে ।
ছ’চিয়েল মিডিয়া শিশুৰ বাবে বিপদজনক-
সংবাদ সন্মিলনত আলবানীয়ে কয় যে ছ’চিয়েল মিডিয়াই আমাৰ সন্তানৰ যথেষ্ট ক্ষতি কৰিছে । এই ক্ষতি পৰিহাৰ কৰিবলৈ, ইয়াক সময়মতে বন্ধ কৰা প্ৰয়োজন । সেয়েহে, এই বছৰ সংসদত ১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ আইন প্ৰৱৰ্তন কৰা হ’ব । সাংসদসকলৰ দ্বাৰা অনুমোদন পোৱাৰ ১২ মাহ পিছত এই আইন কাৰ্যকৰী কৰা হ’ব ।
এন্থনীয়ে লগতে প্ৰকাশ কৰিছে যে ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ বাবে কেৱল আইন অনাই নহয়, ইয়াক কঠোৰভাৱে ৰূপায়ণো কৰা হ’ব । আনকি শিশুসকলক অভিভাৱকে অনুমতি দিলেও সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব ।
প্লেটফৰ্মে নিজেই এই দায়িত্ব ল’ব-
আলবানীয়ে এইটোও কৈছে যে ১৬ বছৰৰ তলৰ শিশুসকলক প্লেটফৰ্মত প্ৰৱেশ কৰাত বাধা দিবলৈ উপযুক্ত পদক্ষেপ লোৱাটো সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ দায়িত্ব হ’ব । এয়া পিতৃ-মাতৃ বা সন্তানৰ দায়িত্ব নহয় ।
যোগাযোগ মন্ত্ৰী মিচেল ৰ’লেণ্ডে কয় যে এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ তালিকাত মেটাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰাম আৰু ফেচবুক অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ লগতে বাইটডান্সৰ টিকটক আৰু ইলন মাস্কৰ এক্সকো নিষিদ্ধ কৰা হ’ব । আলফাবেটৰ ইউটিউবকো এই তালিকাত অন্তৰ্ভুক্ত কৰা যাব পাৰে । অৱশ্যে এই বক্তব্যৰ প্ৰতি এতিয়াও কোনো সঁহাৰি দিয়া নাই ছ’চিয়েল মিডিয়া কোম্পানীসমূহে ।