ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত শনিবাৰে ৰাজস্থান আৰু লক্ষ্ণৌৰ মাজত এখন ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হয় । এই খেলখনত লক্ষ্ণৌ দলে শেষ অভাৰত ৰাজস্থানক ২ ৰানত পৰাস্ত কৰে । কিন্তু এই মেচতকৈ বেছি বৈভৱ সূৰ্যবংশীক লৈ আলোচনা হৈছে । কিয়নো বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ১৪ বছৰ ২৩ দিন বয়সতে আই পি এলত অভিষেক ঘটায় । এতিয়া তেওঁৰ হাতত আছে আটাইতকৈ কম বয়সতে আই পি এল খেলাৰ অভিলেখ ।
১৬ বছৰ ১৫৭ দিন বয়সত আৰ চি বিৰ হৈ অভিষেক ঘটোৱা প্ৰয়াস সত্যজিৎ বৰ্মনৰ অভিলেখ ভংগ কৰিলে বৈভৱে । আনহাতে, ২০১৮ চনত পঞ্জাৱৰ হৈ অভিষেক ঘটা মুজীব উৰ ৰহমানৰ সেই সময়ত বয়স আছিল ১৭ বছৰ ১১ দিন ।
প্ৰথম বলত ছয় কোবাই সৃষ্টি কৰিলে ইতিহাস-
অৱশ্যে কেৱল কনিষ্ঠ খেলুৱৈ হোৱাৰ অভিলেখতে সন্তুষ্ট হোৱা যেন নালাগিল বৈভৱক । বেটেৰেও তেওঁ নিজৰ প্ৰভাৱ দেখুৱাইছিল । বৈভৱে আই পি এলৰ কেৰিয়াৰ আৰম্ভ কৰে এটা বিশাল ছয় কোবাই । এই কাম কৰাৰ পিছত তেওঁ এটা বিশেষ ক্লাবত যোগদান কৰিছে ।
আই পি এল কেৰিয়াৰৰ প্ৰথম বলত ছয় কোবোৱা খেলুৱৈ-
-ৰব কুইনি (আৰ আৰ)
-কেভন কুপাৰ (আৰ আৰ)
-আন্দ্ৰে ৰাছেল (কে কে আৰ)
-কাৰ্লোছ ব্ৰাথৱেইট (ডি ডি)
-অনিকেত চৌধুৰী (আৰ চি বি)
-সিদ্ধেশ লাড (এম আই)
মহেশ তীক্ষ্ণণা (চি এছ কে)
সমীৰ ৰিজভী (চি এছ কে)
বৈভৱ সূৰ্য্যবংশী (আৰ আৰ)
এই অভিলেখো বৈভৱৰ নামত-
আই পি এলৰ চুক্তি লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈৰ ভিতৰত বৈভৱ সূৰ্যবংশীৰ নাম অন্তৰ্ভুক্ত আছে । ৰাজস্থানে ১ কোটি টকাৰো অধিক ধনেৰে তেওঁক সংযোজন কৰে । ইয়াৰ উপৰিও ১৯ বছৰ অনুৰ্ধ টেষ্টত দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখো বৈভৱৰ হাতত আছে । বৈভৱে ৫৮টা বলত শতক অৰ্জন কৰিছিল । ১৯ বছৰ অনুৰ্ধ এছিয়া কাপত ১৭৬ ৰান সংগ্ৰহ কৰি তেওঁ বহু খ্যাতি অৰ্জন কৰিছিল । ইয়াৰ বাহিৰেও তেওঁ ঘৰুৱা চাৰ্কিটত ট্ৰিপল চেঞ্চুৰী অৰ্জন কৰিছিল । শেহতীয়াকৈ তেওঁ নেটত জফ্ৰা আৰ্চাৰৰ সৈতেও মুখামুখি হৈছিল ।