ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ নতুন মুৰব্বীৰ নাম ঘোষণা কৰা হৈছে । ইছৰোৰ নতুন মুৰব্বী হ’ব ড০ ভি নাৰায়ণন । ১৪ জানুৱাৰীত তেওঁ এছ. সোমনাথৰ স্থানত দায়িত্ব গ্ৰহণ কৰিব । মঙলবাৰে (৭ জানুৱাৰী) এক জাননী জাৰি কৰি এই তথ্য দিয়া হৈছে ।
ইছৰোৰ বিশিষ্ট বিজ্ঞানী ড° ভি নাৰায়ণন বৰ্তমান লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰ (এল পি এছ চি)ৰ সঞ্চালক । প্ৰায় ৪ দশকজুৰি চলি থকা তেওঁৰ কেৰিয়াৰত তেওঁ ইছৰোৰ ভিতৰত বহু গুৰুত্বপূৰ্ণ পদত কাম কৰিছে । ড° নাৰায়ণন ৰকেট আৰু মহাকাশযান প্ৰপালচনত বিশেষজ্ঞ ।
ড° নাৰায়ণনৰ এটা ডাঙৰ কৃতিত্ব হৈছে GSLV Mk III বাহনৰ C25 ক্ৰাইজেনিক প্ৰকল্পৰ প্ৰকল্প সঞ্চালক হিচাপে কাম কৰা । তেওঁৰ নেতৃত্বত দলটোৱে GSLV Mk III ৰ এটা জটিল উপাদান C25 ষ্টেজ সফলতাৰে বিকশিত কৰে ।
বহু মিছনত গুৰুত্বপূৰ্ণ অৱদান-
ড° নাৰায়ণনৰ নিৰ্দেশনাত এল পি এছ চিয়ে ইছৰোৰ বিভিন্ন অভিযানৰ বাবে ১৮৩টা লিকুইড প্ৰপালচন চিষ্টেম আৰু কণ্ট্ৰল পাৱাৰ প্লেণ্ট ডেলিভাৰী কৰে । তেওঁ পি এছ এল ভিৰ দ্বিতীয় আৰু চতুৰ্থ পৰ্যায়ৰ নিৰ্মাণৰ তদাৰক কৰিছিল আৰু পি এছ এল ভি চি৫৭ৰ বাবে নিয়ন্ত্ৰণ শক্তি কেন্দ্ৰৰ ডিজাইনো কৰিছিল । আদিত্য মহাকাশযান, জি এছ এল ভি এম কে-III মিছন, চন্দ্ৰযান-২ আৰু চন্দ্ৰযান-৩ৰ প্ৰপালচন ব্যৱস্থাতো তেওঁ অৰিহণা যোগাইছিল ।
বহু বঁটাৰে সন্মানিত হৈছে-
ইছৰোৰ বিজ্ঞানী ড° নাৰায়ণন বহু বঁটা আৰু সন্মানেৰে সন্মানিত হৈছে । ইয়াৰ ভিতৰত আছে আই আই টি খড়গপুৰৰ ৰূপৰ পদক, ভাৰতীয় মহাকাশ সমাজ (এ এছ আই)ৰ স্বৰ্ণ পদক আৰু এন ডি আৰ এফৰ ৰাষ্ট্ৰীয় ডিজাইন বঁটা ।
২০২২ চনত সোমনাথে দায়িত্ব গ্ৰহণ কৰিছিল-
২০২২ চনৰ জানুৱাৰী মাহত এছ. সোমনাথে ইছৰোৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । এই মাহতে তেওঁৰ দুবছৰীয়া কাৰ্যকাল শেষ হ’ব । ইছৰোৰ মুৰব্বী হোৱাৰ পূৰ্বে সোমনাথ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ পৰিচালক আৰু ইছৰোৰ মুখ্য বিজ্ঞানী আছিল । তেওঁ তিৰুৱনন্তপুৰমস্থিত ভি এছ এছ চিৰ পৰিচালক আছিল । সোমনাথ দেশৰ অন্যতম শ্ৰেষ্ঠ ৰকেট প্ৰযুক্তিবিদ আৰু মহাকাশ অভিযন্তা । VSSC ৰ আগত তিৰুৱনন্তপুৰমত অৱস্থিত লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰৰ (এল পি এছ চি) সঞ্চালক হিচাপেও কাম কৰি আহিছে সোমনাথে ।