ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা পাৰ্থ টেষ্ট মেচৰ দ্বিতীয় দিনা ভাৰতীয় যুৱ অ’পেনাৰ বেটছমেন যশস্বী জয়ছোৱালে ইতিহাস ৰচনা কৰে । তেওঁ এনে এক অভিলেখ গঢ়ে যিটো ১৪৭ বছৰীয়া ক্ৰিকেটৰ ইতিহাসত কেতিয়াও হোৱা নাই । ভাৰতীয় বলাৰসকলে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াক মাত্ৰ ১০৪ ৰানত সীমাবদ্ধ কৰি ৪৬ ৰানত অগ্ৰগতি লাভ কৰে । দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ অহা ভাৰতীয় অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে কেংগাৰুৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰে । দুয়োজনে ভাল বেটিং কৰাৰ লগতে ষ্টাম্পলৈকে অপৰাজিত হৈ থাকে ।
যশস্বী-ৰাহুলৰ সন্মুখত বলাৰৰ আত্মসমৰ্পণ-
প্ৰথম অধিবেশনত যশপ্ৰীত বুমৰাহ আৰু হৰ্ষিত ৰাণাই বাকী তিনিটা উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ ১০৪ ৰানত সীমাবদ্ধ কৰি ৰাখে । ৪৬ ৰানৰ অগ্ৰগতিৰে ভাৰতীয় অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ ওলাই আহি শক্তিশালী আৰম্ভণি কৰে । দ্বিতীয় আৰু তৃতীয় অধিবেশনত যশস্বী-ৰাহুলৰ যুটিয়ে কেংগাৰুৰ বলাৰক প্ৰহাৰ কৰি ব্যতিব্যস্ত কৰি তোলে । পৰিস্থিতি এনেকুৱা হয় যে অধিনায়ক পেট কামিন্সে সকলো কৌশল অৱলম্বন কৰিছিল, কিন্তু ষ্টাম্পলৈকে যশস্বী-ৰাহুলক আউট কৰিবলৈ সক্ষম নহ’ল ।
শতকৰ কাষ চাপিছে যশস্বী-
দ্বিতীয় দিনা ষ্টাম্পলৈকে ৯০ ৰানত অপৰাজিত হৈ থাকে যশস্বী । ৭টা চাৰি আৰু ২টা ছয়ৰ সহায়ত তেওঁ এই ৰান সংগ্ৰহ কৰিছে । তৃতীয় দিনৰ আৰম্ভণিতে এইজন যুৱ বেটছমেনে অতি সোনকালে শতক সম্পূৰ্ণ কৰাৰ উদ্দেশ্যেৰে বেটিং কৰিবলৈ ওলাই আহিব । আনহাতে, চাৰিটা চাৰিৰ সহায়ত ৬২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে কে এল ৰাহুল । দুয়োৰে বৃহৎ অপৰাজিত শতকীয় অংশীদাৰিত্বৰে ভাৰতে দ্বিতীয় ইনিংছত কোনো ধৰণৰ উইকেট নেহেৰুৱাকৈ ১৭২ ৰান সংগ্ৰহ কৰিছে । দলটোৱে ২১৮ ৰানৰ অগ্ৰগতিৰে শক্তিশালী স্থানত আছে ।
যশস্বীয়ে ইতিহাস সৃষ্টি কৰিলে-
৯০ ৰানৰ ইনিংছত যশস্বীৰ বেটৰ পৰা দুটা ছয় আহে । দ্বিতীয় ছয়ত আঘাত কৰি যশস্বীয়ে ইতিহাসৰ সৃষ্টি কৰে । দৰাচলতে তেওঁ টেষ্ট ক্ৰিকেটত এটা কেলেণ্ডাৰ বছৰত সৰ্বাধিক ছয় কোবোৱা বেটছমেন হিচাপে পৰিগণিত হৈছে । চলিত বৰ্ষত যশস্বীয়ে টেষ্টত মুঠ ৩৪টা ছয় কোবাইছে । ক্ৰিকেট ইতিহাসৰ ১৪৭ বছৰৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে এজন বেটছমেনে কেলেণ্ডাৰ বছৰত ৩৪টা ছয় (টেষ্টত) কোবাইছে । নিউজীলেণ্ডৰ কিংবদন্তি বেটছমেন ব্ৰেণ্ডন মেককালাম (৩৩টা ছয় – ২০১৪ চনত)ৰ বিশ্ব অভিলেখ ভংগ কৰি যশস্বীয়ে নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ।
কেলেণ্ডাৰ বছৰত টেষ্চ মেচত সৰ্বাধিক ছয় কোবোৱা খেলুৱৈ-
যশস্বী জয়ছোৱাল (ভাৰত) – ৩৪* (২০২৪)
ব্ৰেণ্ডন মেককালাম (নিউজীলেণ্ড) – ৩৩ (২০১৪)
বেন ষ্টকছ (ইংলেণ্ড) – ২৬ (২০২২)
আডাম গিলক্ৰিষ্ট (অষ্ট্ৰেলিয়া) – ২২ (২০০৫)
বীৰেন্দ্ৰ ছেহৱাগ (ভাৰত) – ২২ (২০০৮)
এণ্ড্ৰু ফ্লিনটফ (ইংলেণ্ড) – ২১ (২০০৪)